Breaking

সৰুপথাৰত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী…

0 74

বৃহস্পতিবাৰে সদৌ অসম মধাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে সংগঠনটোৰ অন্তৰ্গত দক্ষিণ গোলাঘাট শিক্ষা খণ্ড কমিটিৰ সদস্য সকলেও ধনশিৰি মহকুমাৰ সৰুপথাৰতো ৰাজ্য চৰকাৰে বিৰুদ্ধে এক বিক্ষোভ কাৰ্যসূচী হাতত লয় ৷ প্ৰতিবাদী মহিলা সকলে ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নগৰৰ মাজেদি ৰাজ্য চৰকাৰে ৰান্ধনী সকলৰ বকেয়া মাননি অতিশীঘ্ৰে আদায় দিয়া, প্ৰতিমাহৰ প্ৰথম সপ্তাহৰ ভিতৰত পূৰ্বৰ মাহৰ মাননি নিয়মীয়াকৈ আৰু সম্পূৰ্ণকৈ আদায় দিয়াৰ লগতে বছৰটোৰ ১২ মাহৰ বাবে মাননী প্ৰদান কৰা আদি শ্ল’গানেৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈকে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে৷

প্ৰতিবাদী সকলে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈ মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ দাবী সমূহ শীঘ্ৰে পুৰন কৰিবৰ বাবে এখনি স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ৷

Leave A Reply