টীয়কত আৰক্ষীৰ জালত দুধর্ষ ডকাইত বাবুল লাহন

 অৱশেষত আৰক্ষীৰ জালত পৰিল বিভিন্ন ঠাইত ডকাইতিৰে সন্তাহ সৃষ্টি কৰা দুধর্ষ ডকাইত বাবুল লাহন। শনিবাৰে নিশা টীয়ক আৰু লাহদৈগড় আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰে বাবুলক ।আৰক্ষীয়ে বাবুলৰ লগতে এজন সহযোগী প্ৰভাত  গগৈক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বাবুল লাহনৰ বিৰুদ্ধে কেইবাটাও ডকাইতি গোচৰ পঞ্জীয়ন ভুক্ত হৈ আছে।আৰক্ষীয়ে বাবুল লাহনৰ পৰা এটা 7.65 mm পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়।ইয়াৰ পূৰ্বেও অপৰাধী বাবুলে বিভিন্ন গোচৰত আটক হৈ জেল খাবলগীয়া হৈছিল।

Related Articles