তেজপুৰ বিহগুৰিৰ স্বৰ্গীয় চন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষা মিনাক্ষী গোস্বামীয়ে সমগ্ৰ অসমৰ ভিতৰতে ৰাষ্ট্ৰীয় শিক্ষকতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰত বৰ্ষৰ 46 গিৰাকী শিক্ষক শিক্ষত্ৰী ভিতৰত এই বঁটা লাভ কৰি ইটিভি ভাৰতৰ প্ৰথমটো বাৰ্তাত তেওঁ কয় যে ই সঁচাকৈ গৌৰাবাণীত খবৰ ।
অধাক্ষা গোস্বামী 1989 চনৰ 22 আগষ্টত চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী ইংৰাজী বিভাগৰ অধ্যাপিকা হিচাবে যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই বিদ্যালয়ত ২০১৭ চনৰ 3 মাৰ্চ তাৰিখে বৰ্তমানলৈকে আধাক্ষা হিচাবে কাম কৰি আছে ।তেওঁ প্ৰয়াত ডঃ লোহিত চন্দ্ৰ গোস্বামীৰ কন্যা । প্ৰয়াত গোস্বামী তেজপুৰ চৰকাৰী বি এড মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধক্ষ আছিল।
শিক্ষাই জীৱনৰ বৃত্তি হিচাবে গ্রহণ কৰা গোস্বামীয়ে তেওঁৰ ইটিভি ভাৰতৰ লগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ,” তেঁও অহা ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰমুৱে এই বঁটা প্ৰদান কৰিব তেওঁক ।

