Breaking

উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা “ভাৰত গৌৰব” ৰ দিল্লীত ফ্লেগ অফ্ কৰিলে মিনাক্ষী লেখীয়ে

0 70

“এক ভাৰত, শ্ৰেষ্ঠ ভাৰত” আৰু “দেখো অপনা দেশ” শ্লোগান লৈ উত্তৰ পূৰ্বাঞ্চললৈ যাত্ৰা আৰম্ভ কৰিলে “ভাৰত গৌৰব” ৰে’লখনে। দিল্লীৰ চফদাৰজং ষ্টেচনত মিনাক্ষী লেখীয়ে ফ্লেগ অফ্ কৰি ৰেলখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে।

১৫৬ গৰাকী পৰ্যটকক কঢ়িয়াই অনা অত্যাধুনিক ৰেলখনত আছে এচি-১ আৰু এচি-২ৰ সুবিধা। ৰেলখনে অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা চুই যোৱাৰ লগতে পৰ্যটক সকলে স্থান সমূহ পৰিদৰ্শন কৰিব পাৰিব।

ৰেলখনে একেদৰে আগৰতলাৰ উনাকটি, ত্ৰিপুৰাৰ উদয়পুৰ, নগালেণ্ডৰ ডিমাপুৰ আৰু কহিমাৰ লগতে মেঘালয়ৰ ছিলং আৰু চেৰাপুঞ্জী দৰ্শন কৰাব পৰ্যটক সকলক।

অত্যাধুনিক ৰেলখনত চিচি কেমেৰাৰ লগতে নিৰাপত্তা ব্যৱস্হা সংযোজিত কৰা হৈছে।

লোক সংস্কৃতিৰ ছবি সম্বলিত ৰেলখনত পৰ্যটক সকলে ৰাজ্য সমূহৰ কলা সংস্কৃতিৰ জ্ঞান আহৰণ কৰিব বুলি ৰেল মন্ত্ৰালয়ে আশা প্ৰকাশ কৰাৰ লগতে পৰ্যটক সকলক আগ্ৰহান্বিত কৰি তোলাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে।

Leave A Reply