Breaking

আলফালৈ যোৱাৰ মন! সামাজিক মাধ্যমত প্ৰচাৰ চলাই আটক হ’ল যুৱক…

0 1,152

এতিয়া ৰাজ্যখনৰ বিভিন্ন জিলাৰ একাংশ যুৱক-যুৱতী নিষিদ্ধ ঘোষিত সংগঠন আলফা ( স্বাধীন) লৈ গমন কৰি থকাৰ সময়তে বঙাইগাঁও আৰক্ষীয়ে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱা এজন যুৱকক আটক কৰিছে ৷ সামাজিক মাধ্যম ফেছবুকত আলফালৈ যোৱাৰ বাবে ইচ্ছুক আৰু মন আছে বুলি প্ৰচাৰ চলাই আৰক্ষীৰ জালত পৰে যুৱকজন ৷ কেৱল আৰক্ষীৰ দ্বাৰা আটক হোৱাই নহয় বৰং জেল হাজোতলৈও যাবলগীয়া হ’ল যুৱকজন ৷ উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে আটক কৰা যুৱকজন বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকিঝাৰৰ ডেভিদ বৰ্মন (২১) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক বিশেষ সূত্ৰৰ পমখেদি বঙাইগাঁও আৰক্ষীয়ে শুকুৰবাৰৰ নিশা ডাউকিঝাৰৰ নিজ গৃহৰ পৰা যুৱক জনক আটক কৰে ৷ যুৱকজনক পিচত সোধ- পোচ কৰাৰ অন্তত যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদানৰ ইচ্ছাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷

লগতে যুৱকজনে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে ৷ এই সম্পৰ্কত যুৱকজনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত ২৪২/২০২২ (  Case No 242/2022-  U/S- 120 (B) / 121/121(A) IPC, R/W Sec -13(1)(b) U.A (P) Act, R/W Sec b6 (F) I.T Act) নম্বৰৰ এটা গোজৰ ৰুজু কৰি পিচত  গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱকজনক আৰক্ষীয়ে শনিবাৰে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ডেভিদ বৰ্মন নামৰ যুৱকজনে বিশেষ কোনো কাম বন নকৰে ৷ ইপিনে ৰাজ্যৰ বিভিভিন্ন ঠাইৰ পৰা হঠাতে একাংশ যুৱক – যুৱতী আলফাত যোগদানৰ বাবে গৈ থকাৰ পিচত বঙাইগাঁও জিলা আৰক্ষীয়েও বিষয়টোৰ প্ৰতি গুৰুত্বাৰোপ কৰি তলে তলে চোকা দৃষ্টি ৰাখিছে ৷ লগতে সামাজিক মাধ্যমৰ ওপৰতো নজৰ ৰাখিছে ৷ আনহাতে কিছুদিন পূৰ্বে নৰ্থ বইটামাৰী অঞ্চলৰ অপৰাজিত নাথ নামৰ যুৱক এজন ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ থকা বিষয়ত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে যুৱকজনেপৰিয়ালৰ লোকক আলফা ( স্বাধীন) ত যাৱলৈ ইচ্ছা প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমত যুৱকজনে এই  সন্দৰ্ভত পূৰ্বে পষ্ট দিয়াৰ পিচত যুৱকজনক মতাই আনি আৰক্ষীৰ ফালৰ পৰা বুজোৱাও হৈছিল ৷ কিন্তু পিচত ঘৰৰ পৰা মই যাও বুলি কৈ ওলাই গৈছে ৷ সেয়ে বৰ্তমান যুৱকজন আলফাত যোগদান কৰিছে নে নাই এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য পোৱা নাই বুলিও কয় ৷ 

Leave A Reply