ছিপাঝাৰৰ কুৰুৱা জলসিঞ্চন প্ৰকল্প পুনৰ মন্ত্ৰী অশোক সিংহাল ; কৃষক ৰাইজ – বিষয়াৰ লগত বহি প্ৰকল্পৰ আন্তঃগাথঁনিৰ বুজলৈ তিনিমাহৰ ভিতৰত কাৰ্যক্ষম কৰি তোলাৰ নিৰ্দেশ
ছিপাঝাৰৰ কুৰুৱাত ১৯৮৬-৮৭ বৰ্ষতে স্থাপন কৰা আৰু সম্প্ৰতি বগাহাতীত পৰিণত হোৱা কুৰুৱা উত্তোলক জলসিঞ্চন প্ৰকল্প আজি পুণৰ পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী অশোক সিংহালে। প্ৰকল্পটো স্থাপন হোৱা কালৰে পৰা ঠিকাদাৰ আৰু বিভাগীয় বিষয়াসকলৰ লুণ্ঠণৰ থলিত পৰিণত হোৱা এই প্ৰকল্পটোৰ পৰা স্থানীয় কৃষক ৰাইজে আজিলৈ পথাৰত নাপালে পানী।

অথচ মেৰামতি-পুণৰ নিৰ্মাণৰ নামত সময়ে সময়ে বিভাগে ব্যয় কৰে বুজন পৰিমাণৰ ধন। সেয়ে জলসিঞ্চন প্ৰকল্পটো তৎকালীনভাৱে কাৰ্যক্ষম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে মঙলবাৰে আহি বিভাগীয় বিষয়াসকলক কঠোৰ নিৰ্দেশ দি গৈছিল। আজি পুণৰ একে স্থানতে আহি কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী অশোক সিংহালে।

কুৰুৱাত স্থানীয় কৃষক ৰাইজ আৰু বিভাগীয় বিষয়া-অভিযন্তাসকলৰ সৈতে বহি মন্ত্ৰীগৰাকীয়ে জলসিঞ্চন প্ৰকল্পটোৰ আন্তঃগাঁঠনিৰ বুজ লোৱাৰ লগতে তিনিমাহৰ ভিতৰ কাৰ্যক্ষম কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। লগতে কামত অৱহেলা কৰা ঠিকাদাৰক ব্লেকলিষ্টেড্ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে তিনি দিনৰ ভিতৰতে দুবাৰকৈ প্ৰকল্পটো পৰিদৰ্শন কৰি কাৰ্যক্ষম কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাত সন্তুষ্ট প্ৰকাশ কৰে স্থানীয় কৃষক ৰাইজে।

