Breaking

ঢেকিয়াজুলিৰ জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ…

0 18

ঢেকিয়াজুলিৰ শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয় চৌহদত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতি নিৰীক্ষণ, ঢেকীয়াজুলিত ৭৭ গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ

ঢেকিয়াজুলি, ১৫ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলে আজি সমষ্টিটোৰ তিনিখৰীয়া চাহ বাগিচাত নৱনিৰ্মিত মহাপ্ৰভু শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মন্ত্ৰী সিংহলৰ বিশেষ প্ৰচেষ্টাত তথা ৰাইজৰ সহযোগত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত তিনিখৰীয়া চাহ বাগিচাৰ এক বিশাল এলেকাত এই মন্দিৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।

যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজিত এই মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত বাগিচাখন আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰাইজৰ লগতে ঢেকীয়াজুলিৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। বিগত দুদিনত ধান দিৱস, কলহ যাত্রা, বন্তি প্রজ্বলন, হৰিনাম কীৰ্ত্তন, মহা স্নান, জলধিবাস আদি কাৰ্যসূচীৰ পিছত আজি বিগ্রহৰ প্ৰাণ প্রতিষ্ঠা আৰু মহা যজ্ঞৰ আয়োজন কৰা হয়। প্ৰায় একক প্ৰচেষ্টাৰে ঢেকীয়াজুলিত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত মহাপ্রভু শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ নিৰ্মাণত লোৱা বিশেষ ভূমিকাৰ বাবে স্থানীয় ৰাইজে মন্ত্ৰী সিংহলৰ প্ৰতি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

আনহাতে মন্ত্ৰী সিংহলে আজি পুৱাৰ ভাগত ঢেকিয়াজুলিৰ শিঙৰি পাহাৰৰ নামনিত অৱস্থিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰাৰ লগতে দেৱালয়ভাগিৰ ঐতিহাসিক সমলৰ সন্ধানত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পিছতে তেওঁ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ ৭৭ গৰাকী আৰ্থিকভাৱে দুৰ্বল ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ কৰে৷

Leave A Reply