Breaking

কবি নীলমণি ফুকনলৈ মন্ত্ৰী অশোক সিংহলৰ শ্ৰদ্ধাঞ্জলি

0 85

অসমীয়া সাহিত্যজগতৰ মহীৰূহ সত্ত্বা, জ্ঞানপীঠ বিজয়ী কবি, কাব্যঋষি নীলমণি ফুকনৰ বিয়োগত মন্ত্ৰী অশোক সিংহলে গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে গোটেই জীৱন কেৱল অসমীয়া ভাষা-সাহিত্যৰ সেৱাতেই ব্ৰতী হৈ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠেৰে অসমক মহীয়ান কৰি যোৱা এইগৰাকী ক্ষণজন্মা ব্যক্তিৰ মহাপ্ৰয়াণত ৰাজ্যৰ সাহিত্য জগতৰ এক প্ৰোজ্জ্বল অধ্যায়ৰ যৱনিকা পৰিল। চিৰনমস্য কবিগৰাকীৰ বিয়োগে ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰখনৰ লগতে জাতীয় জীৱনতো এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে বুলি মন্তব্য কৰি তেওঁ কয় যে কাব্যঋষিৰ অমৰ সৃষ্টিৰাজি আৰু চিৰসেউজ ব্যক্তিত্ব কাললৈ অমৰ হৈ ৰ’ব।

মন্ত্ৰী সিংহলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হৈ কবি নীলমণি ফুকনৰ নশ্বৰ দেহত পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাৰ্ঘ নিৱেদন কৰে। তেওঁ কবিৰ বিদেহ আত্মাৰ অক্ষয় স্বৰ্গবাস কামনাৰে প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Leave A Reply