ভাওনা সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ প্ৰচাৰ, মন্ত্ৰী অশোক সিংহলে জনালে ক্ষমা । Ashok Singhal

৬ মাৰ্চ, ২০২৫ঃ Ashok Singhal ।ভাওনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে কোৱা মন্তব্য লৈ শেহতীয়াকৈ বিতৰ্ক সৃষ্টি হৈছিল। বিষয়টোক লৈ সংবাদ মাধ্যমত নানা ধৰণৰ প্ৰচাৰ হয়।

মন্ত্ৰী অশোক সিংহলে স্পষ্ট কৰি কয় যে তেওঁ মহাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত কোনো ধৰণৰ নেতিবাচক মন্তব্য কৰা নাই, আৰু এনে ধৰণৰ বাতৰি সম্পূৰ্ণ ভিত্তিহীন। তেওঁ লগতে কয় যে এনে কোনো মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয়।

তেওঁ উল্লেখ কৰে যে, এই বিষয়টোৱে যদি কাৰোবাৰ মনত আঘাত পাইছে বা দুখ দিছে, তেন্তে তেওঁ তাৰ বাবে আন্তৰিকভাৱে ক্ষমা প্ৰাৰ্থী। সামাজিক মাধ্যমযোগে এক বিবৃতি জাৰি কৰি তেওঁ বিষয়টো সন্দৰ্ভত নিজৰ অবস্থান স্পষ্ট কৰে আৰু যিকোনো অনাহক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, যাৰ ফলত এই বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল। অৱশেষত, অশোক সিংহলে বিষয়টো সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা জনাই সমগ্ৰ বিষয়টো সম্পূৰ্ণৰূপে স্পষ্ট কৰা দেখা যায় ।

Related Articles