Breaking

ঢেকীয়াজুলিৰ মাজৰৌমাৰীত মন্ত্ৰী অশোক সিংহলে উদ্বোধন কৰিলে শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰ…

0 1,118

ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি  মাজৰৌমাৰীত শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। স্থানীয় ৰাইজৰ বিপুল উৎসাহৰ মাজত শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি তেওঁ ৰাইজৰ বাবে উচৰ্গা কৰে৷ৰাইজে ঢোল- তাল বজাই , বিহু নৃত্য, ঝুমুইৰ নৃত্য, কোচ ৰাজবংশী নৃত্যৰে মন্ত্ৰীগৰাকীক আদৰি অনাৰ পিছত আয়তি সকলৰ উৰুলি ধ্বনিৰ মাজতে আৰু প্ৰথমতে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা শিশু উদ্যান খন উদ্বোধন কৰে। সেই উপলক্ষে মাজৰৌমাৰী পঞ্চায়তৰ সভাগৃহত  আয়োজন কৰা  সভাখনত বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে তেওঁৰ ভাষণ প্ৰসংগত এই শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰটিয়ে শিশু,যৱুক-যুৱতীৰ মাজত ক্ৰীড়াৰ পৰিবেশ ৰচনা কৰিব বুলি আশা প্ৰকাশ কৰে৷এই শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰটি নিজৰ সম্পত্তি বুলি ভাবি ইয়াৰ পৰিচালনাৰ সঠিক দায়িত্ব লব লাগে বুলিও তেওঁ ৰাইজক আহ্বান জনায়৷

ঢেকীয়াজুলি সমষ্টিৰ ১৮ খন পঞ্চায়তত একোখনকৈ এনে শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰ নিৰ্মাণ হোৱাৰ পিছত মুকলি কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী অশোক সিংহলে আৰু কয় যে,এই শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰ সমূহে শিশু তথা উঠি অহা প্ৰজন্মক উপকৃত কৰিব৷উদ্বোধনী সভাখনত  তেজপুৰ জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৰবী শইকিয়া কৰণ, ঢেকীয়াজুলি খন্ড উন্নয়ন বিষয়া চন্দ্ৰ জ্যোতি পেগু, শোণিতপুৰ জিলা বি জে পিৰ সভাপতি বাতাচ ওৰাং,ঢেকীয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৱচৰণ চাহু, অমিয়পুৰ জিলা পৰিষদৰ সদস্য চানিকা গুডিয়া,পানবাৰী জিলা পৰিষদৰ সদস্য ধনু তপ্ন,ঢেকীয়াজুলি পশ্চিম মণ্ডল বি জে পিৰ সভাপতি প্ৰকাশ তাঁতীকে আদি কৰি বহুতো দলীয় নেতা কৰ্মীৰ লগতে অঞ্চলটোৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ঢেকীয়াজুলি পশ্চিম মণ্ডল বি জে পিৰ সাধাৰণ সম্পাদক ৰবীন্দ্ৰ বৰাই আঁতধৰে৷উল্লেখযোগ্য যে সভাৰ পূৰ্বে মাজৰৌমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ হ’ব লগীয়া গ্ৰীণ গেলাৰী নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে৷বিদ্যালয় খনৰ প্ৰধান শিক্ষক প্ৰণৱ বৈশ্যৰ নেতৃত্বত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ পদুলীৰ পৰা ব্যাপক উৎসাহৰ মাজেৰে আদৰি নিয়ে মন্ত্ৰী অশোক সিংহলক৷আদাৰশিলা স্থাপনৰ পাছতে তেওঁ বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মতবিনিময় কৰে৷একেদৰে স্থানীয় মাজৰৌমাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে৷

Leave A Reply