Breaking

সদৌ অসম ৰবিদাস সন্মিলনৰ সোণালী জয়ন্তীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা…

0 81

যুগ যুগ ধৰি অসমত বসবাস কৰি অহা ৰবিদাস সম্প্ৰদায়ৰ লোকসকলে অসমৰ ভাষা, কলা-সংস্কৃতিক মনে-প্ৰাণে আঁকোৱালি লৈ বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। শনিবাৰে বোকাখাতৰ প্ৰয়াত ৰামদাস আৰু মুঞ্চীৰাম ৰবিদাস সমন্বয় ক্ষেত্ৰত আয়োজিত সদৌ অসম ৰবিদাস সন্মিলনৰ সোণালী জয়ন্তীত অংশ লৈ অনুষ্ঠানটিৰ সফলতা কামনাৰে ৰবিদাস সম্প্ৰদায়ৰ ভাই-ভনীসকলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বলিষ্ঠ নেতৃত্বত চৰকাৰে দায়বদ্ধতাৰে বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।

সকলোৰে মাজত ঐক্য-সমন্বয় বৰ্তাই ৰাখি অসমৰ সৰ্বাংগীণ প্ৰগতিৰ হকে কাম কৰি যাবলৈ সম্প্ৰদায়টোৰ সকলোকে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকে গুৰু ৰবিদাস মহাৰাজ মন্দিৰৰ প্ৰতিষ্ঠাপক সুখদেৱজী মহাৰাজ , গুৰু হৰিচৰণ শাস্ত্ৰীজী, সদৌ অসম ৰবিদাস সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যোগেশ ৰবিদাস, সাধাৰণ সম্পাদক ৰাজেশ ৰবিদাস প্ৰমুখ্যে সদৌ অসম ৰবিদাস সন্মিলনৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়া, অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰপৰা অহা ধৰ্মপ্ৰাণ ৰাইজ।

Leave A Reply