Breaking

কামৰূপ (মহানগৰ) জিলাৰ মালয়বাৰীত আয়োজিত “পশুপালক সজাগতা শিবিৰ”ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

0 50

“পশুপালন খণ্ড হৈছে এক অতি সম্ভাৱনাপূৰ্ণ খণ্ড যিয়ে যুৱক-যুৱতীসকলৰ বাবে স্ব-নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশ ত্বৰান্বিত কৰিব পাৰে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰে এই খণ্ডটোক উজ্জীৱিত কৰাত বিশেষ অগ্ৰাধিকাৰ দিছে৷”

ৰাষ্ট্ৰীয় পশুধন অভিযানৰ সৌজন্যত আৰু অসম পশুধন উন্নয়ন অভিকৰণৰ উদ্যোগত আজি কামৰূপ (মহানগৰ) জিলাৰ মালয়বাৰীত আয়োজিত “পশুপালক সজাগতা শিবিৰ”ত অংশগ্ৰহণ কৰি এনেদৰে কয় মন্ত্ৰী অতুল বৰাই।

পশুধন আৰু হাঁহ-কুকুৰা পালনৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা সম্পৰ্কে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠিত এই শিবিৰত পশুপালনৰ বাবে সহায়ক হোৱাকৈ পশুধনৰ কৃত্ৰিম গৰ্ভধাৰণ আৰু ক্ৰছ প্ৰজননৰ সন্দৰ্ভত পশুপালকসকলক সজাগ কৰা হয়।

মন্ত্ৰীগৰকীয়ে বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণেৰে পশুধন আৰু হাঁহ-কুকুৰা পালন কৰি আত্মনিৰ্ভৰ হ’বলৈ আৰু ৰাজ্যখনৰ উন্নয়নমূলক যাত্ৰাত অৰিহণা যোগাবলৈ সকলোকে আহ্বান জনায়।

সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জিত শৰ্মা, মালয়বাৰী গাঁও পঞ্চায়তৰ সভাপতি পৱিত্ৰ কুমাৰ দাস, ৰাষ্ট্ৰীয় পশুধন অভিযানৰ ন’ডেল বিষয়া ড° বাজৰুল ইছলাম প্ৰমুখ্যে অন্যান্য বিষয়াসকল, কৃষকসকল আৰু স্থানীয় ৰাইজ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।

Leave A Reply