Breaking

ৰঙিয়াত আয়ুষ্মান আৰোগ্য মন্দিৰ স্বাস্থ্য কেন্দ্ৰটি শুভ উদ্বোধন কৰিলে মন্ত্ৰী ভৱেশ কলিতাই…

0 38

বিগত পৌৰসভা নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ নগৰবাসী ৰাইজক উন্নত স্বাস্থ্য সেৱা সুলভ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অভিলাষী আঁচনি “আয়ুষ্মান ভাৰত”ৰ নৱতম প্ৰৱৰ্তন স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অধীনত ৰঙিয়া ৱাৰ্ড নং-৬ ৰ সৰস্বতী কলনীত নিৰ্মাণ কৰা

ৰঙিয়া নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ স্বাস্থ্য কেন্দ্ৰটি আজি শুভ উদ্বোধন কৰে মন্ত্ৰী ভৱেশ কলিতাই।ইতিমধ্যে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ১,৫,৭,৮ নং ৱাৰ্ডবাসী ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ নগৰীয়া স্বাস্থ্য সেৱা কেন্দ্ৰ

স্থাপন কৰা হৈছে। এই স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে সহজে স্বাস্থ্যসেৱা লাভ কৰাত যথেষ্ট উপকৃত হ’ব। কেন্দ্ৰ কেইটাত নিয়োজিত স্বাস্থ্যকৰ্মীসকলক নিষ্ঠাৰে ৰাইজৰ হকে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।

Leave A Reply