Breaking

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি সংগতি ৰাখি ডিব্ৰুগড় সমষ্টিৰ খামটিঘাট কাছমাৰী দেউৰী গাঁৱত উপস্থিত মন্ত্ৰী বিমল বড়া

0 45

আগন্তুক দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি সংগতি ৰাখি ৪ নং ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত খামটিঘাট কাছমাৰী দেউৰী গাঁৱত উপস্থিত হৈ স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি সকল,আই মাতৃ সকল তথা যুৱক-যুৱতী সকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰী বিমল বড়াই৷ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি ৰাইজৰ অকুণ্ঠ উৎসাহ আৰু উদ্দীপনা দেখি অভিভূত হৈ পৰে মন্ত্ৰীগৰাকি৷ এই উৎসাহে দেউৰী লোক সকলৰ ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিৰ লগতে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ মন্ত্ৰী বিমল বড়াৰ৷

উক্ত স্থানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ,ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্ত, ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড জিলাৰ উপ-সভাপতি অসীম হাজৰিকা লগতে বিভিন্ন কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।

Leave A Reply