বঢ়মপুৰত জিতূ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

‘কংগ্ৰেছক ভোট দিয়া মানে বদৰুদ্দিন আজমলক দিছপুৰৰ দুৱাৰ ডলিলৈ অনা।তাৰ পিচত আমি কাৰ ওচৰত মাত দিম,কাৰ ওচৰত কান্দিম ভৱিষ্যতৰ সেই কথা বোৰ আপোনালোকে এবাৰ চিন্তা কৰি চাব।বদৰুদ্দিন আজমলে যদি দিছপুৰৰ বৰঘৰত বহি লয় অসমীয়া জাতিয়ে কেতিয়াও মুৰ দাঙি থাকিব নোৱাৰে সেই কথা স্পষ্ট।আপোনালোকে ধিং,ৰূপহীহাট,বটদ্ৰৱাৰ কথা জানে,কাজিৰঙাৰ গঁড় কেইটাই কেনেদৰে কান্দি আছিল সেই কথা জানে।’- এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।আজি বঢ়মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰহৈ প্ৰচাৰ চলাবলৈ আহি এখন ৰাজহুৱা সভাত ভাষন প্ৰদান কৰি মন্ত্ৰী ডঃ শৰ্মাই কংগ্ৰেছক ক্ষোৰধাৰ সমালোচনা কৰি কয় যে-‘কেইদিনমানৰ পূৰ্বে মই দেখিলো ৰকিবুল হুছেইনে হাতীৰ পিঠিত উঠিছে।আৰ পি শৰ্মাজনে দিল্লীত ঘোঁৰাৰ পিঠিত উঠিছে আৰু ৰিপুন বৰাই মুখ্যমন্ত্ৰী হবলৈ আজমলৰ কোলাত উঠিছে।এনেদৰে দেশ চলিব নেকি।’ সমাগত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ ৰাইজক আহ্বান জনাই তেওঁ কয় যে-‘এই নিৰ্বাচনত বিজেপিক ভোট দিব লাগিব যাতে আমাৰ সত্ৰ-সংস্কৃতি,নামঘৰ আদি বাচি থাকে।’ তেওঁ লগতে কয় যে-‘৭০ বছৰ কংগ্ৰেছ শাসনত আছিল কেতিয়াবা নামঘৰত অনুদান দিয়াৰ কথা চিন্তা কৰিছিল নেকি?আজি বিজেপিয়ে ১২ হাজাৰ নামঘৰত অনুদান দিলে।আজমল আৰু কংগ্ৰেছৰ চৰকাৰ হলে মাদ্ৰাছাত ধন দিব কিন্তু বিজেপিয়ে নামঘৰত ধন দিব।’ মন্ত্ৰী ডঃ শৰ্মাই কয় যে-‘এই নিৰ্বাচন কোন বিধায়ক হব সেই নিৰ্বাচন নহয়,এই নিৰ্বাচন আমাৰ জাতিটোক জীয়াই ৰখাৰ নিৰ্বাচন।সমাগত নিৰ্বাচন দিছপুৰৰ পৰা বদৰুদ্দিন আজমলক ৰাজনৈতিক ভাবে গতিয়াই গতিয়াই খেদাৰ নিৰ্বাচন।এনেদৰে খেদিব লাগিব যাতে ৰিপুন বৰা আৰু আজমলে বাংলাদেশতগৈ মুখ্যমন্ত্ৰী হব পাৰে।’ ডঃ শৰ্মাই কেৱল বঢ়মপুৰতেই নহয় ৰহা,নগাঁও আদিতো বিজেপিক জিকাব লাগিব বুলি মন্তব্য কৰি এশখন আসনৰে চৰকাৰ গঠন কৰিব লাগিব বুলি কয়।তেওঁ অৱশ্যে বটদ্ৰৱা বিধান সভা সমষ্টিৰ নাম উল্লেখ নকৰিলে।ইপিনে বিজেপি চৰকাৰৰ দিনত ৰূপায়িত বিভিন্ন আঁঁচনিৰ কথা উল্লেখ কৰি তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে-ইতিমধ্যে ৰূপায়িত অৰুণোদয় আচনিৰ ধন ৮৩০ টকাৰ স্থানত পৰ্যায়ক্ৰমে ৩ হাজাৰ টকালৈ বৃদ্ধি হব।বিজেপি চৰকাৰৰ প্ৰথম বছৰতে ১ লাখ যুৱক-যুৱতীক চাকৰি দিয়া হব ।যিখিনি ঋণ ললে দুখীয়া মহিলা সকলে ঘূৰাই দিব নোৱাৰে তেওঁলোকৰ ঋণ পৰিশোধৰ দায়িত্ব চৰকাৰে লব।’ অৱশ্যে মন্ত্ৰী ডঃ শৰ্মাই মাইক্ৰফাইনেন্সৰ পৰা ঋণ নলবলৈ মহিলা সকলক অনুৰোধ জনাই। ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ হাতৰ সূত্ৰৰ পৰিবৰ্তন হৈছে বুলি মন্তব্য কৰি কয় যে -‘কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লগত হাত মিলাইছে।বদৰুদ্দিনৰ লগত চৰকাৰ কৰিব খুজে।আজমলৰ চিন্তা-চৰ্চাৰ লগত আমি একেলগে থাকিব নোৱাৰো।কেইদিনমানৰ আগত এটা ভিডিঅত আজমলে কৈছে যে যিমান পাৰি সিমান সন্তান জন্ম দিব লাগে। অধিক সন্তান জন্ম দিলে মাতৃ সকলৰ স্বাস্থ্য ক্ষতি হব।আজমলে মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত মাতৃসকলৰ স্বাস্থ্য হানি হোৱাটো বিচাৰিছে।’ সভাত বঢ়মপুৰ সমষ্টিৰ সভাপতি নৰেন শৰ্মা,বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামী,ন বিজেপি নেতা বিভূতি বৰঠাকুৰৰ উপৰিও বাবুল বৰা ,নিভা শৰ্মা,সুৰজিৎ গোস্বামী,চন্দন বৰা আদি বিজেপি নেতা সকল উপস্থিত থাকে।মন্ত্ৰী ডঃ শৰ্মাই সভাখনত বিজেপি আৰু অগপ কৰ্মী-সমৰ্থক সকলে যৌথভাবে মিলি বিজেপি প্ৰাৰ্থী জিতু গোস্বামীক বিজয়ী কৰিব লাগিব বুলি আহ্বান জনালেও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ নাম এবাৰলৈও উল্লেখ নকৰিলে ।

Related Articles