মাজুলীত বান পৰিস্থিতিৰ বুজ ল’লে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে

উজনি-মাজুলী : মাজুলীৰ শেহতীয়া বান-পৰিস্থিতিৰ বুজ ল’বলৈ কালি নদীদ্বীপ জিলাখনলৈ আহে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে। আগবেলাৰ ভাগতে জিলা সদৰ গড়মূৰত উপস্থিত হৈ মন্ত্ৰী দলে প্ৰথমে জলসম্পদ বিভাগৰ অতিথিশালাত মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ পৰা জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতি, বন্যাৰ্তৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ লগতে মঠাউৰিসমূহৰ অৱস্থাৰ বিষয়ে বুজ লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰৰ বাৰিষাৰ সময়ছোৱাৰ বাবে মাজুলী জিলাৰ বান-পৰিস্থিতি সন্দৰ্ভত নজৰ ৰখাৰ বাবে জিলাৰ তত্বাৱধায়ক মন্ত্ৰীৰ বিশেষ দায়িত্ব ন্যস্ত কৰা মন্ত্ৰী দলেই ইয়াৰ পাছতে নামনি মাজুলীৰ কৰতিপাৰ হাইস্কুলত জিলা প্ৰশাসনে স্থাপন কৰা বান-সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰে। উপায়ুক্ত কৈৰীৰ লগতে দেউৰি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথৰ সৈতে শিবিৰটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে শিবিৰাৰ্থী বান-দুৰ্গত লোকসকলৰ সৈতে মত বিনিময় কৰে। শিবিৰত প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকলৈ আগবঢ়োৱা সা-সুবিধাৰ বিষয়েও মন্ত্ৰী দলেই শিবিৰাৰ্থীসকলৰ পৰা বুজ লয়। ইয়াৰ পাছত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী দলেই টুনী মঠাউৰি পৰিদৰ্শন কৰি মাজগাঁও আৰু সোণাৰীবাৰীত মঠাউৰিত আশ্ৰয় লৈ থকা বান-ভগনীয়া পৰিয়ালসমূহৰ খবৰ লয়। মন্ত্ৰীগৰাকীয়ে বানৰ বাবে বৰ্তমান মঠাউৰিতে থাকিব লগা হোৱা লোকসকলৰ সৈতে দুয়ো ঠাইতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। বন্যাৰ্তৰে মত বিনিময়ৰ সময়তে মন্ত্ৰীগৰাকীয়ে মাজুলীত মঠাউৰিৰ বাহিৰ অংশৰ গাঁওসমূহৰ বাসিন্দাৰ লগতে মঠাউৰিপৰীয়া লোকসকলে যাতে বাৰিষাৰ সময়ত আশ্ৰয় ল’বলৈ সুবিধা হয়, তাৰ বাবে এইবাৰৰ পৰা মঠাউৰিৰ দাঁতিত ঠায়ে ঠায়ে নিৰ্মাণ কৰা ওখ ভেটিসমূহ মঠাউৰিৰ উচ্চতাৰ সমানকৈ ভালদৰে নিৰ্মাণৰ লগতে বন্যাৰ্ত ৰাইজে বাৰিষাকালীন ব্যৱহাৰ কৰিব পৰাকৈ স্নানাগাৰ-শৌচাগাৰৰ ব্যৱস্থা কৰিবলৈ জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ দিয়ে। এইবাৰৰ বানপানীৰ অভিজ্ঞতাৰ আধাৰত এই ওখ ভেটিসমূহ আৰু ওখকৈ তথা ভালদৰে নিৰ্মাণৰ দিশটো তদাৰক কৰিবলৈ উপায়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক দায়িত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে টুনী মঠাউৰিত আশ্ৰিতসকলক দেখা কৰা পাছত বনগাঁৱৰ মেৰাগড় অংশত ব্ৰহ্মপুত্ৰ মঠাউৰিৰ শেহতীয়া অৱস্থা পৰ্যবেক্ষণ কৰে। এইবাৰত দ্বিতীয়টো বানত ভাবুকিৰ সন্মুখীন হোৱা মঠাউৰিৰ এই অংশটো পুনৰ মেৰামতিৰে সবল কৰি তুলিবলৈ জলসম্পদ বিভাগে ইতিমধ্যে লোৱা কাৰ্য ব্যৱস্থা পৰিদৰ্শন কৰি মন্ত্ৰী দলেই জলসম্পদ বিভাগক জিলাখনৰ প্ৰতিটো মঠাউৰি শংকামুক্ত কৰি ৰাখিব পৰাকৈ জৰুৰী ব্যৱস্থা লোৱাৰ লগতে নিৰন্তৰ মঠাউৰিৰ প্ৰতিটো অংশতে নজৰ ৰখাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীৰ পৰা মাজুলীৰ মঠাউৰিসমূহৰ সুৰক্ষাৰে জড়িত দিশসমূহৰো বুজ লয়। বিয়লি মন্ত্ৰীগৰাকীয়ে গড়মূৰৰ জলসম্পদ অতিথিশালাত পুনৰ কিছু সময়ৰ বাবে উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে জিলাখনৰ বান-পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ অন্তত মাজুলীৰ পৰা ঢকুৱাখনা অভিমুখে ৰাওনা হয়।

Related Articles