মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ যোৰহাট নীৰ নিৰ্মল পৰিযোজনা (এনএনপি) আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব…

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি যোৰহাটৰ পিএইচইডিৰ কাৰ্যালয়ত বৃহত্তৰ যোৰহাট নীৰ নিৰ্মল পৰিযোজনা (এনএনপি) আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে।

৩৩ খন গাঁও পঞ্চায়ত আৰু ৬০,০০০ পৰিয়ালক সামৰি লোৱাকৈ ১৮০০ কিলোমিটাৰ পাইপলাইন স্থাপনৰ উদ্দেশ্যেৰে পৰিকল্পিত এই আচঁনিখন নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

লগতে মন্ত্ৰীগৰাকীয়ে শেহতীয়া কেবিনেট বৈঠকত ঘোষণা কৰা অনুসৰি যোৰহাট টাউনৰ বাবে নতুন পানী যোগান প্ৰকল্পৰ পৰিকল্পনাৰো বুজ লয়।

Related Articles