নিচামুক্তি কেন্দ্ৰ সমূহৰ স্বতাধিকাৰী সকলৰ এক নৱগঠিত সংগঠনৰ সৈতে বৈঠকত মিলিত মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকাৰ…

নিচামুক্তি কেন্দ্ৰ সমূহৰ স্বতাধিকাৰী সকলৰ এক নৱগঠিত সংগঠনৰ সৈতে আজি জনতা ভৱনস্থিত কাৰ্যালয়ত মিলিত হৈ কেন্দ্ৰ সমূহৰ সুচাৰুৰূপে পৰিচালনা কৰা সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকাই ।

নিচাসক্ত লোক সকলক সঠিক পথলৈ ঘূৰাই আনি সমাজ খনক আৰু অধিক সুস্থ কৰি তোলাত এই কেন্দ্ৰ সমূহৰ ভূমিকা সৰ্বাধিক। এই কেন্দ্ৰ সমূহত চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি ইয়াত থকা নিচাসক্ত লোক সকলে চিকিৎসা, থকা-খোৱা, বাথৰুম আদিৰ সুবিধা সঠিক ভাৱে প্ৰদান কৰা সন্দৰ্ভটো বুজ ল’লে মন্ত্ৰী হাজৰিকাই ।

এই বৈঠকত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষ মৃদুলা বৰকাকতী , উপাধ্যক্ষ জিতু বৰগোহাঞি, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু আৰু সঞ্চালক কিশোৰ ঠাকুৰীয়া সহিতে বিভাগৰ আন আন বিষয়াবৰ্গ উপস্থিত থাকে।

Related Articles