Breaking

মন্ত্ৰী পীযুষ হাজৰিকাই নদুৱাৰ বিধানসভা সমষ্টিৰ ৩,০৩৭ খন নতুন ৰেচন কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে…

0 14

পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ। আজি নৱগঠিত ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিৰ ৩,০৩৭ খন নতুন ৰেচন কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি আনন্দিত মন্ত্ৰী পীযুষ হাজৰিকা।

সমষ্টিটোৰ ১৪,৮৩০ গৰাকী হিতাধিকাৰীক এই নতুন কাৰ্ড সমূহে সামৰি ল’ব তথা উপকৃত কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰ সবল নেতৃত্বত চৰকাৰে ৰাজ্যত

নতুনকৈ ৪০ লক্ষ লোকক অৰ্ন্তভুক্ত কৰিবলৈ কেবিনেটত ইতিমধ্যে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ বাবে আগবাঢ়িছে। আজিৰ এই অনুষ্ঠানত সাংসদ পল্লবলোচন দাস , বিধায়ক পদ্ম হাজৰিকা , জিলা আয়ুক্ত সহিতে প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকে।

Leave A Reply