Breaking

কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই

0 64

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে৷

শেহতীয়াকৈ বেঠুকান্দিত জলসিঞ্চন বিভাগৰ অধীনত থকা এখন শ্লুইছ গেট জলসম্পদ বিভাগে সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰি তুলিছিল৷

অৱশ্য শ্লুইছ গেটখনৰ পৰা তলৰ ফালে কিছু কাৰীকৰি বিসংগতি ধৰা পৰাত জলসম্পদ বিভাগে সমাধানৰ বাবে তৎপৰতাৰে কাম কৰি আছে৷ মন্ত্ৰীগৰাকী উক্ত স্থানত উপস্থিত হৈ শ্লুইছ গেটখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়৷

পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হজৰিকাই পানীৰ চাপৰ প্ৰতি লক্ষ্য কৰি বেঠুকান্দিত এখন ডাঙৰ শ্লুইছ গেটৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা বুলি ব্যক্ত কৰে আৰু অহা অক্টোবৰ মাহৰ পৰা ডাঙৰ শ্লুইছ গেট নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে৷

আনহাতে বিগত বৰ্ষত চিগা অংশ মেৰামতি কৰি বৰাকৰ পাৰত নিৰ্মাণৰত নতুন মথাউৰিটো পূৰণা মথাউৰিতকৈ প্ৰায় দুগুণ ডাঙৰ বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে এই মথাউৰিৰ কামো প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰা হৈছে আৰু এইবাৰ মথাউৰি চিগাৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হৈছে৷

চৰকাৰে সম্ভাৱ্য বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে সাজু কৰি তোলা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে, জলসম্পদ বিভাগেও ক্ৰয় কৰি ৰখা প্ৰায় ১০ লাখ জিঅ’ বেগ আৰু ৯৫ হাজাৰ পৰ্কুপাইন চেটৰ ৭৫ শতাংশই জিলাসমূহলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে৷

Leave A Reply