Breaking

জাগীৰোডত “গৰীৱ কল্যাণ সন্মিলন”ত অংশগ্ৰহণ মন্ত্ৰী পীযূষ হাজৰিকাৰ

0 84

জাগীৰোড সমষ্টিৰ অন্তৰ্গত জাগী-ভকত গাঁও পঞ্চায়তৰ বিষ্ণু ৰাভা বিহুতলীৰ প্ৰাংগনত আজি প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী সম্বোধন কৰা “গৰীৱ কল্যাণ সন্মিলন”ত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই ।

এই সন্মিলনত প্ৰধানমন্ত্ৰীয়ে “প্ৰধানমন্ত্ৰী আৱাস যোজনা”, “কৃষক সন্মান নিধি”, “গৰিৱ কল্যাণ অন্ন যোজনা”, আয়ুষ্মান‌ ভাৰত ইত্যাদি আঁচনিৰ হিতাধিকাৰি সকলৰ সৈতে ভাৰ্চুয়েলি মিলিত হয় আৰু মত বিনিময় কৰে। এই সভাতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো ভাৰ্চুৱেলী শিৱসাগৰৰ পৰা ভাষণ প্ৰদান কৰে।

এই কাৰ্যসূচী লগতে জাগীৰোড সমষ্টিৰ ৯,৬৪১ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৩২,৫০০ টকাকৈ প্ৰথম কিস্তিৰ সৈতে গৃহ আবণ্টন পত্ৰ সমূহ প্ৰদান কৰা হয়।এই কাৰ্যসূচীত মৰিগাঁও জিলা উপায়ুক্ত , মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষীতেশ পেগু তিৱা স্বায়ত্ব পৰিষদৰ উপ মূখ্য কাৰ্য্যবাহী সদস্য তুলসী বৰদলৈ জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীব্যজীৎ নেওঁগ ,তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্যা বিনীতা দৈমাৰী আৰু খগেন চন্দ্ৰ বৰদলৈ, মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধী ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী প্ৰবীণ ডেকা আন আন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply