Breaking

গহপুৰৰ চত্ৰং নদীৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই

0 1,057

আজি গহপুৰ চহৰৰ মাজ মজিয়াৰে বৈ যোৱা চত্ৰং নদীৰ বানপানীয়ে ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী এখন দলং পৰিদৰ্শন কৰাৰ লগতে নদী খনে খহাই নিয়া এক সংযোগী পথ পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। এই দলং আৰু পথ খহাই নিয়াৰ ফলত স্থানী়য় ৰাইজৰ যাতায়তৰ খুবেই অসুবিধাৰ সন্মুখীন হৈছে। আজি এই স্থান সমূহ পৰিদৰ্শনৰ সময়ত উপস্থিত থকা জলসম্পদ বিভাগৰ বিষয়া সকলক অতি সোনকালে এই স্থান সমূহৰ অস্থায়ী মেৰামতি কৰি পানী নিৰ্গমন ৰোধ কৰিবলৈ আৰু যাতায়তৰ উপযোগী কৰিবলৈ নিৰ্দেশ প্ৰদানকৰে মন্ত্ৰী পিযুষ হাজৰিকাই।

এই পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে বিধায়ক উৎপল বৰাই, প্ৰমোদ বৰঠাকুৰ, উপায়ুক্ত, মহকুমা প্ৰশাসন, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰমুখ্যে আন আন বিষয়া সকল উপস্থিত থাকে।

Leave A Reply