Breaking

বৰপেটাৰ গৰাখহনীয়াৰ অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই…

0 1,091

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘবৰ পাহাৰৰ দাঁতিত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা বৈঠাপুটা ঘাট সত্ৰৰ কাষত ব্ৰহ্মপুত্ৰ নৈয়ে গৰা খহনীয়াৰ সৃষ্টি কৰি সত্ৰ খনলৈ ভাবুকি কঢ়িয়াই আনিছে। আজি এই ঐতিহাসিক সত্ৰ খনত উপস্থিত হৈ সত্ৰত সেৱা লৈ পৰিস্থিতিৰ বুজ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ।এই সত্ৰখনৰ লগতে সমগ্ৰ অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে ইতিমধ্যে “Asian Development Bank”ৰ পৰা অৰ্থ সাহায্যৰ অনুমোদন হৈছে। বাৰিষাৰ পাছতেই এই অঞ্চলৰ স্থায়ী সুৰক্ষাৰ কাম আৰম্ভ কৰা হব। পৰ্যবেক্ষণৰ সময়ত উপস্থিত থকা জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়া সকলক কাইলৈৰ পৰা অস্থায়ী সুৰক্ষা বান্ধ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই। ইয়াৰ লগতে উপস্থিত থকা জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া সকলক সত্ৰখনৰ পথটো অতি সোনকালে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । সত্ৰখনৰ সেৱা কৰিবলৈ মই ব্যক্তিগত ভাবেও সদায়ে সাজু বুলি কয় জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই।

পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী, জনীয়া সমষ্টিৰ বিধায়ক হফিজ ৰফিকুল ইছলাম, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, সমাজ সেৱক ৰহিম জিব্ৰান  তথা জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়ববীয়া সকল।

Leave A Reply