পুৰণিগুদাম ভেৰভেৰিৰ মহামৃত্যুঞ্জ্যই মন্দিৰত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ জন্মদিন পালন, কপিলী পাৰৰ সাত কিলোমিটাৰ মাঠাউৰি নিৰ্মাণৰ কাম আৰম্ভ!

নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰিস্থিত মহা মৃত্যুঞ্জই মন্দিৰত কালি অসম চৰকাৰৰ জলসম্পদ ,তথ্য জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ জন্মদিন পালন কৰে তেওঁৰ অনুৰাগী সকলৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলে।মন্দিৰ প্ৰাংগণত কেক কাটি জন্ম দিন উদযাপন কৰাৰ উপৰিও মন্দিৰত মন্ত্ৰীগৰাকীৰ কুশল মংগলৰ কাৰণে পূজা অৰ্চনা কৰে।বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি বাবুল বৰা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ ব্যক্তিগত সচিব ভৰতদ্বাজ পিংগল বৰুৱাৰ বিশেষ তৎপৰতাত পালন কৰা এই জন্ম দিনৰ কাৰ্য্যসূচীত বিজেপিৰ নেতা কৰ্মী, স্থানীয় লোকৰ লগতে মন্দিৰলৈ অহা ভক্ত সকলেও অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে মন্ত্ৰী গৰাকীয়ে কামপুৰৰ চাংচকীৰ কপিলীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাত কিলোমিটাৰ অংশ কপিলীৰ পাৰত মাঠাউৰি নিৰ্মাণ কৰা আশ্বাস প্ৰদান কৰিছিল। কালি জন্মদিনৰ দিনটোৰ পৰাই কপিলীৰ পাৰত মাঠাউৰি নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি বাবুল বৰাই কয় যে বৃহত্তৰ অঞ্চলটোৰ ভয়াবহ গৰাখহনীয়া ৰোধ কৰিবৰ বাবে কৰ্মদক্ষ মন্ত্ৰী গৰাকীয়ে যেনেধৰণে পদক্ষেপ গ্ৰহন কৰিছে কপিলী পৰীয়া ৰাইজৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলক উৎসাহিত কৰিছে।এনেক্ষেত্ৰত মন্ত্ৰীজনৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি আজি সকলো একত্ৰিত হৈ তেওঁৰ জন্ম দিনটোত বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জই মন্দিৰত পূজা অৰ্চনা কৰিছো।উল্লেখযোগ্য যে নগাঁও জিলাৰ কামপুৰৰ সমীপৰ বৰ্তমান বঢ়মপুৰ সমষ্টিৰ অধীনলৈ অহা বকুলগুৰি, আতিগাঁও, কপিলীকান গাঁও, বৰচুং গাঁও, গোসাঁইগাঁও, গাৰুখুন্দা, চাংচকী আদি এলেকাত কপিলীৰ গৰা খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছিল। ২০০৪ চনৰ কপিলী নদীৰ বানপানীয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বহু লোকৰ ঘৰ বাৰী কপিলীৰ বুকুত জাহ গৈছিল।

ইয়াৰ পিছতো প্ৰত্যেক বছৰৰ বানপানী আৰু গৰাখহনীয়াত কপিলী পৰীয়া ৰাইজৰ ঘৰ বাৰী নদীত জাহ যোৱাৰ পিছতো গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহন কৰা হোৱা নাছিল।বৰ্তমান এলেকা সমূহ বঢ়মপুৰ সমষ্টিৰ অধীনলৈ অহাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিশেষ সহযোগিতাত মন্ত্ৰী পীয়ুষ হাজৰিকাই লোৱা এই যুগান্তকাৰী পদক্ষেপত এতিয়া উৎফুল্লিত হৈ পৰিছে কপিলী পৰীয়া ৰাইজ।কপিলী পৰীয়া ৰাইজে মাঠাউৰি নিৰ্মাণৰ বাবে নদীৰ কাষৰ নিজৰ পট্ৰা মাটি এৰি দিব বুলিও ইতিমধ্যে ঘোষণা কৰিছে।নগাঁও জিলাৰ ভয়াবহ বানৰ কৱলত পৰা এই এলেকাৰ উপৰিও জিলাখনৰ আন কেইবা ঠাইটো বান খৰাখহনীয়া সমস্যা সমাধানৰ পদক্ষেপ লোৱাৰ বাবে উৎফুল্লিত বিজেপিৰ কৰ্মকৰ্তা সকলৰ উপৰিও সাধাৰণ ৰাইজ।এনেক্ষেত্ৰত কালি জন্মদিন পালন কৰাৰ সময়ত মন্ত্ৰী গৰাকীৰ কুশল মংগল কামনা কৰিবলৈ মন্দিৰ প্ৰাংগণত প্ৰায় দুই শতাধিক লোক উপস্থিত হয়হি।

Related Articles