কামত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীক মন্ত্ৰী পীযুষ হাজৰীকাৰ অন্তিম সকীয়নি

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি দুপৰীয়া গুৱাহাটীৰ চানমাৰীস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত আকস্মিকভাৱে উপস্থিত হৈ বিভাগীয় কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে বিষয়া-কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ উমান লয় | বানপানীৰ সময়ত জিলাসমূহত বিভাগৰ বিষয়া কৰ্মচাৰীৰ ব্যস্ততা বৃদ্ধি পাই থকালৈ চাই মন্ত্ৰী পীযুষ হাজৰীকাই বিভাগৰ মুখ্য কাৰ্যালয়ত থকা বিষয়া-কৰ্মচাৰীসকলৰ একাংশক প্ৰয়োজন সাপেক্ষে জিলাসমূহলৈ বদলি কৰাৰ পোষকতা কৰে | তেঁও কয় যে যদি মুখ্য কাৰ্যালয়ত অতিৰিক্তভাৱে বিষয়া কৰ্মচাৰী আছে, তেন্তে তেঁওলোকক জিলাসমূহলৈ পঠিওৱা হ’ব | জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত মুঠ ৩৫৬ জন বিষয়া-কৰ্মচাৰী থকাৰ বিপৰীতে জিলা আৰু মহকুমা সমূহত যদি মাথো পাঁচজনকৈ ব্যক্তি থাকে তেনে অৱস্থাত মুখ্য কাৰ্যালয়ৰ ৩০% বিষয়া কৰ্মচাৰীক জিলা অথবা মহকুমাৰ “ফিল্ড অফিচলৈ” পঠায় তেতিয়া বিভাগটোৰ যথেষ্ট ভাল হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে |

উল্লেখযোগ্য যে আজি মন্ত্ৰীগৰাকীৰ আকস্মিক পৰিদৰ্শনৰ সময়ত মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ মুঠ ৩৫৬ জন বিষয়া কৰ্মচাৰীৰ ২৪ জন অনুপস্থিত আছিল | ইয়াৰে আগতীয়াকৈ ছুটি নোলোৱাকৈ অনুপস্থিত থকা ১৪ জন বিষয়া কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে | আনহাতে প্ৰশাসনীয় সংস্কাৰেৰে বিভাগটোক আৰু উন্নত কৰিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই কয় যে এই ক্ষেত্ৰত বানপানীৰ পাছতে বিভাগৰ বিষয়া কৰ্মচাৰীৰ কঠোৰ বদলিকৰণ কৰা হ’ব |

আজি এনে আকস্মিক পৰিদৰ্শনৰ সময়ত কাৰ্যালয়ৰ কিছু লেতেৰা পৰিৱেশ দেখা পাই মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক সাত দিনৰ ভিতৰত পৰিষ্কাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে | আনহাতে বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে উপযুক্ত কৰ্মসংস্কৃতিৰে বিভাগটোক আগবঢ়াই নিবলৈ তেঁও আহ্বান জনায় | বিষয়া কৰ্মচাৰীসকলক উদ্দেশ্যি তেঁও কয় যে বিভাগটোৰ লগতে সমাজ আৰু জাতিটোক আগবঢ়াই নিবলৈ সকলোয়ে কৰ্মসংস্কৃতিত গুৰুত্ব দিবই লাগিব | আনহাতে এয়া মন্ত্ৰীগৰাকীৰ প্ৰথম আকস্মিক পৰিদৰ্শন, পৰৱৰ্তী সময়ত তেঁও সঘনাই আকস্মিক পৰিদৰ্শনৰ জড়িয়তে বিভাগীয় কাম কাজৰ পৰ্যবেক্ষণ কৰি থাকিব বুলি উল্লেখ কৰে|

Related Articles