Minister Ranjit Kumar Das । বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বিয়োগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শোক প্ৰকাশ

দিছপুৰ, ২৭ জানুৱাৰী, ২০২৫: Minister Ranjit Kumar Das । বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, সু-অভিনেতা, আৰু দৰঙী ৰজা বংশৰ গৌৰৱ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, প্ৰয়াত পৰিচালক গৰাকীয়ে “অৰণ্য” আৰু “পুতলা ঘৰ”ৰ দৰে কেইবাখনো উল্লেখযোগ্য চলচ্চিত্ৰৰ পৰিচালনা কৰি অসমৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰি গ’ল। তেওঁ লগতে কয় যে তেখেতৰ মৃত্যু ৰাজ্যখনৰ সংস্কৃতি ক্ষেত্ৰত এক অপূৰণীয় ক্ষতি।

মন্ত্ৰীগৰাকীয়ে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তেওঁ কয় যে, দেৱগৰাকীৰ অৱদান সদায় অসমবাসীৰ স্মৃতিত অমলিন হৈ থাকিব।

আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট পৰিচালক গৰাকীৰ অন্তিম কাৰ্য চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়াৰ পিছত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজ্য চৰকাৰৰ প্রতিনিধি হিচাপে অন্তিম যাত্ৰাত উপস্থিত থাকি তেখেতৰ নশ্বৰ দেহত মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যু সংস্কৃতি আৰু চলচ্চিত্ৰ জগতৰ বাবে এক গভীৰ শূন্যতা সৃষ্টি কৰিছে, আৰু ৰাজ্যবাসীয়ে এই অপূৰণীয় ক্ষতিৰ বাবে শোকাহত।

Related Articles