শ্ৰম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ কক্ষত চিকিৎসাধীন হৈ থকা চাহ শ্ৰমিক মইনা নায়কৰ

স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত আৰু লক্ষ্মী টি কোম্পানী প্ৰাইভেট লিমিটেডৰ হৈ মুঠ ১৩,৪১,৪৯৮.০০ টকাৰ এখন চেক প্ৰদান কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক কলঘৰৰ চি টি চি মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

