Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ

কর্ণেল ছ’ফিয়াক সন্ত্রাসবাদীৰ ভগ্নী আখ্যা বিজেপি মন্ত্ৰীৰ।(Minister Vijay Shah)

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহ।

মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে।

মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ দিছিল মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে।

শীঘ্ৰে আৰক্ষী সঞ্চালক প্ৰধানক গোচৰ ৰুজুৰ নিৰ্দেশ দিছিল।

কর্ণেল ছ’ফিয়া কুৰেশ্বিক সন্ত্রাসবাদীৰ ভগ্নী বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে।

ইন্দোৰত এখন ৰাজহুৱা সভাত এই বিতর্কৰ অন্তত ক্ষমা খোজে বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ জনজাতি কল্যাণ মন্ত্রী বিজয় শ্বাহে।

ভাৰতীয় দণ্ডবিধিৰ তিনিটা ভিন্ন ধাৰাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। ভাৰতীয় দণ্ডবিধিৰ ১৫২, ১৯৬(১) (বি) আৰু ১৯৭ (১)(চি) ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

বিতর্কৰ অন্তত ক্ষমা খোজে মন্ত্ৰী বিজয় শ্বাহে। তেওঁ কয় ‘ভগ্নী ছফিয়া’ আৰু সেনাক সন্মান কৰোঁ, “মোৰ শেহতীয়া বক্তব্যই মানুহহৰ আৱেগক আঘাত দিছে। ইয়াৰ বাবে মই কেৱল লাজ পোৱাই নহয়, গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমাও বিচাৰিছোঁ।”

Related Articles