Breaking

মৰিগাঁও জিলাত মিছন বসুন্ধৰা ২.০ ৰ অধীনত ৫১৫১ গৰাকী লোকক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পীয়ুষ হাজৰিকাৰ

0 34

মৰিগাঁও জিলাৰ তিনিওটা সমষ্টি সামৰি দেওবাৰে মুঠ ৫১৫১ গৰাকী ব্যক্তিক বসুন্ধৰা ২.০ আঁচনিৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হয়। জিলাখনৰ জাগীৰোড সমষ্টিত অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰে।

জাগীৰোড সমষ্টিত মুঠ ২৫২৯ গৰাকী ব্যক্তিক আজি ভূমি পট্টা প্ৰদান কৰা হয়। এই উপলক্ষে ভকতগাঁৱৰ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰী হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ কোনো এজন যোগ্য লোক যাতে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে প্ৰতিজন যোগ্য ব্যক্তিক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। যিসকল যোগ্য লোকৰ নাম বসুন্ধৰা ২.০ ত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক হতাশ নহ’বলৈ আহ্বান জনাই তেওঁ কয় যে বসুন্ধৰা ৩.০ ৰ অধীনত মাটিৰ প্ৰতিগৰাকী প্ৰকৃত গৰাকীক সামৰি লোৱাৰ প্ৰয়াস কৰা হ’ব। তেওঁ লগতে বসুন্ধৰা আঁচনিখনৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে। সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণ দিয়ে আৰু তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰেও বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ আৰু ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে জাগীৰোড সমষ্টিত বসুন্ধৰা ২.০ ৰ অধীনত মুঠ ২২,৫২১ খন আবেদন লাভ কৰা হৈছিল।

আনহাতে মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিৰ বাবে মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত অনুষ্ঠানত আবকাৰী, মীন আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ভূমি পট্টা প্ৰদান কৰে। তেওঁ কয় যে মা, মাটি, মানুহ এই তিনিটা বিষয় লৈ পৃথিৱীখন বৰ্তি আছে আৰু মাটিক সেয়ে আমি ধৰিত্ৰী মা হিচাপে গণ্য কৰোঁ। ভূমিপুত্ৰক মাটিৰ অধিকাৰ প্ৰদান কৰিবৰ বাবেই চৰকাৰে বসুন্ধৰা আঁচনিখন গ্ৰহণ কৰিছে বুলি তেওঁ কয়।

তেওঁ লগতে জিলা প্ৰশাসন তথা বসুন্ধৰাৰ সৈতে জড়িত সকলোকে এই আঁচনিৰ সফল ৰূপায়নৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে পাহাৰীয়া, দুৰ্গম অঞ্চলত বাস কৰা তথা জনজাতীয় লোকসকলক এই আঁচনিৰ অধীনত বিশেষভাৱে সামৰি লোৱা হৈছে। জৰীপ কৰি পট্টা প্ৰদানলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া আৰু প্ৰত্যাহ্বানমূলক বুলি উল্লেখ কৰি তেওঁ ৰাইজক এইক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই মাটিৰ পট্টা কেৱল এখন কাগজ নহয়, বৰং এই মাটিৰ সন্তান হিচাপে অধিকাৰ সাব্যস্ত হোৱাৰ এক গুৰুত্বপূৰ্ণ দলিল।

সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে কয় যে এতিয়াও বহু লোকে ভূমি পট্টা পাবলৈ বাকী আছে। যুগ যুগ ধৰি এইখন অসমত বাস কৰি থকা প্ৰতিগৰাকী ভূমিহীন যোগ্য ব্যক্তিয়ে মাটিৰ পট্টা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। ৰাইজৰ সহযোগতহে এই প্ৰয়াস সফল হ’ব বুলি তেওঁ কয়। তেওঁ যোগ্যসকলক মাটিৰ পট্টাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

দেওবাৰে মৰিগাঁও সমষ্টিত ২৩৭১ গৰাকী আৰু লাহৰীঘাট সমষ্টিত ২৫১ গৰাকী অৰ্থাৎ মুঠ ২৬২২ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰা হয়। উল্লেখ্য যে মৰিগাঁও সমষ্টিত মুঠ ১৫,৭৮৭ খন আৰু লাহৰীঘাট সমষ্টিত ৯৩৭৮ খন আবেদন লাভ কৰা হৈছিল।

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই আদৰণি ভাষণ দিয়ে। সভাত জিলা আয়ুক্ত, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁও পৌৰ সভাৰ পৌৰ পতি যোগেশ তামুলী আৰু ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

Leave A Reply