অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা লোকশিল্পী নিতু সিংহ ক বাৰ্ষিক শিল্পী সন্মান প্ৰদান। Neetu Singh

১৭ জানুৱাৰী, ২০২৫: শিল্পী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বহু কেইবাগৰাকী শিল্পীক সন্মান অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ। শিল্পী সকলক এককালীন আৰ্থিক বৰঙণি দি ২০২৪-২৫ বৰ্ষৰ বাবে আগবঢ়ায় বাৰ্ষিক শিল্পী সন্মান। কেইবা গৰাকী শিল্পীৰ ভিতৰত উক্ত সন্মান লাভ কৰে চাপৰৰ ভকতগাঁৱৰ লোকশিল্পী নিতু সিংহ। নিতু সিংহ বিশেষকৈ গোৱালপাৰীয়া,কোঁচ-ৰাজংশী লোকগীত, নৃত্যৰ লগত জড়িত শিল্পী গৰাকী। Neetu Singh ।

সৰুৰে পৰা কোঁচ-ৰাজবংশী তথা গোৱালপাৰীয়া লোকগীত, নৃত্যৰ লগত জড়িত হৈ ইতিমধ্যে ৰাজ্যৰ লগতে বহি: ৰাজ্যৰ উপৰিও বিদেশত গোৱালপাৰীয়া,কোঁচ-ৰাজবংশী লোকগীত, নৃত্য প্ৰদৰ্শন কৰি আহিছে।যাৰ বাবে ইতিমধ্যে বহু সন্মান আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।শেহতীয়াকৈ অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আগবঢ়োৱা সন্মানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু শিল্পী দিৱস উপলক্ষে এটি গোৱালপাৰীয়া তথা কোঁচ-ৰাজবংশী গীতেৰে মহান শিল্পী গৰাকীক শ্ৰদ্ধা নিবেদন কৰে। শিল্পী গৰাকীক চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Articles