Breaking

উবেৰৰ ভিতৰত যুৱতীক অপকৰ্মৰ চেষ্টা দুৰ্বৃত্তৰ…

0 67

নিশাৰ গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ উবেৰৰ ভিতৰত যুৱতীক অপকৰ্মৰ চেষ্টা দুৰ্বৃত্তৰ। খ্ৰীষ্টানবস্তিৰ ইণ্ডিয়ান অইল ডিপোৰ সমীপত সংঘটিত হৈছে এই ঘটনা। উবেৰ চালকে গাড়ীৰ ভিতৰতে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ যুৱতীৰ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীয়ে। অৰুণাচলৰ যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে উবেৰখনৰ নম্বৰ। শেহতীয়াকৈ জানিব পৰা মতে, অপকৰ্মৰ চেষ্টা কৰা উবেৰ চালকজনক আৰক্ষীয়ে আটক কৰিছে। অভিযুক্ত উবেৰ চালকজনৰ নাম মুছলেম আলী বুলি জানিব পৰা গৈছে।

Leave A Reply