Breaking

মিচ ইণ্ডিয়া ২০২০ৰ মুকুট জিলিকিল ৰিক্সা চালকৰ জীয়ৰীৰ শিৰত

0 2,063

মোৰ শৰীৰৰ তেজ, ঘাম আৰু চকুপানীয়ে একত্ৰিত হৈ মোৰ সপোনবোৰক পূৰণ কৰিবলৈ সাহস যোগাইছে, এইয়া মান্যাৰ ভাষ্য। সদ্য ঘোষিত ভি এল চি চি ফেমিনা মিচ ইণ্ডিয়া ২০২০ৰ প্ৰতিযোগিতাত তেলেংগানাৰ এগৰাকী অভিযন্তা মনাসা বাৰাণসীয়ে মিচ ইণ্ডিয়া ২০২০ খিতাপ লাভ কৰে।

লগতে উক্ত প্ৰতিযোগিতাখনতে হাৰিয়ানাৰ মণিকা শ্বেওকান্দে ভি এল চি চি ফেমিনা মিচ গ্ৰেণ্ড ইণ্ডিয়া আৰু উত্তৰ প্ৰদেশৰ মান্যা সিঙক ৰাণাৰ আপ হিচাপে ঘোষণা কৰা হয়।মান্যাৰ বাবে এই জয় আছিল আনতকৈ বিশেষ, কিয়নো উত্তৰ প্ৰদেশৰ এগৰাকী ৰিক্সা চালকৰ জীয়ৰীৰ বাবে এই জয় বহু নিশা আৰু বহু বছৰৰ কষ্টৰ ফচল ।

সফলতাত উপনীত হোৱাৰ পূৰ্বে বাটত অহা ভিন্ন সংঘৰ্ষৰ কথা কৈ মিচ ইণ্ডিয়াই দিয়া মঞ্চৰ যোগেদিয়েই মান্যাই দিছে আন দহজনক প্ৰেৰণা।কুশিনগৰত জন্ম গ্ৰহণ কৰা মান্যাই তেওঁৰ পোষ্টত কৈছিল যে, তেওঁ কঠিন পৰিস্থিতিত ডাঙৰ হৈছিল ।

আহাৰ অথবা টোপনি অবিহনে নিশা কটাবলগীয়া হোৱাৰ লগতে মাত্ৰ কেইটামান টকা বচাবলৈ মাইল-মাইল খোজ কাঢ়িছিল। তেওঁ কিতাপ আৰু কাপোৰৰ বাবে পাগল হৈ পৰিছিল, কিন্তু তেতিয়া ভাগ্যও যেন তেওঁৰ পক্ষত নাছিলমান্যাৰ মাক-দেউতাকে মান্যৰ পৰীক্ষাৰ মাচুল পৰিশোধ কৰিবৰ পাবে নিজৰ যিখিন অলংকাৰ আছিল সেয়াও বন্ধকত ৰাখিছিল।

মান্যাই বিগত মাহত শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছিল যে, শিক্ষাই হৈছে মূল অস্ত্ৰ যি প্ৰতিটো সময়তে নিজৰ সৈতে থাকে।

ইপিনে পৰৱৰ্তী এটা প’ষ্টত মান্যাৰ মাতৃয়ে উল্লেখ কৰে, উচ্চতৰ মাধ্যমিকৰ সময়ত মান্যাই শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ বঁটা লাভ কৰিছিল, তাই আজিলৈ জীৱনত বহু কষ্ট কৰিছে ।

তাইৰ স্কুলৰ মাচুল পৰিশোধ কৰিব নপৰা, কিতাপৰ খৰচ বহন কৰিব নোৱাৰাৰ লগতে অটো চালকৰ জীয়ৰী হোৱা বাবে সহপাঠীসকলৰ দ্বাৰা অৱহেলিত হোৱাৰ পৰা আদি কৰি জীৱনত বহুত সংগ্ৰাম কৰিছে মান্যাই ।

মান্যাই তেওঁৰ পোষ্টত কৈছিল যে, তেওঁ দিনত অধ্যয়ন কৰিছিল, সন্ধিয়া বাচন ধুইছিল আৰু নিশা এটা ক’ল চেণ্টাৰত কাম কৰিছিল ।

লগতে তেওঁ কয়, “মই সেই ঠাই পাবলৈ বহু ঘণ্টা খোজ কাঢ়িছিলো যাতে মই ৰিক্সাৰ ভাড়া বচাব পাৰো।”শেষত ম্যানাই উল্লেখ কৰে যে, মাক, দেউতাক আৰু ভায়েকৰ বাবে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০২০ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ লগতে বিশ্ববাসীক দেখুৱাব বিচাৰিছিল কেনেদৰে নিজৰ লগতে নিজৰ সপোনৰ ওপৰত বিশ্বাস থাকিলে সকলো সম্ভৱ কৰি তুলিব পাৰি।

নিজৰ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ কাহিনী শ্বেয়াৰ কৰাৰ বাবে মান্যাক মিছ ইণ্ডিয়া সংগঠনে ধন্যবাদ জনাইছিল আৰু তেওঁক আন দহজনৰ বাবে অনুপ্ৰেৰণা উত্স হিচাপে প্ৰশংসা কৰিছিল ।

উল্লেখ্য যে, বৰ্তমানে মান্যাই মেনেজমেন্ট শিক্ষাৰ বাবে পঢ়া-শুনা আৰম্ভ কৰিছে |

Leave A Reply