অসমৰ ১২ খন জিলাত আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল মিচিং ভাষাৰ পৰীক্ষা ৷ মিচিং আগম কৗবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ দ্বাৰা পৰিচালিত উক্ত পৰীক্ষাত অসমৰ মুঠ ১২ খন জিলাৰ ৭৩ খন পৰীক্ষা কেন্দ্ৰত উন্নত আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱা পৰীক্ষাত ১৮ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় ৷ মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন টাইদ, সচিব ডিম্বেশ্বৰ দলে আৰু পৰীক্ষা পৰিচালনা সমিতিৰ সদস্য সচিব ড° সুৰজিৎ দলেয়ে জনোৱা মতে পৰীক্ষা সমূহ কামৰূপ মেট্ৰ, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, ধেমাজি, মাজুলী, নগাঁও, শিৱসাগৰ- চৰাইদেউ, তিনিচুকীয়া, শোণিতপুৰ আদি জিলাত অনুষ্ঠিত হয় ৷ ইয়াৰে লখিমপুৰ জিলাত সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ তেওঁলোকে জনোৱা মতে ভিন্নধৰ্মী প্ৰশ্ন কাকতেৰে প্ৰস্তুত কৰা প্ৰশ্ন কাকতসমূহ পৰীক্ষাৰ্থী সকলৰ সুবিধাৰ্থে সহজ কৰা হৈছে আৰু পৰীক্ষাৰ্থী সকল উন্নত ফলাফল লাভৰ ক্ষেত্ৰত ই অতি সহায়ক হ’ব ৷ অসমৰ ৰাজ্যিক ভাষা অসমীয়া ভাষাৰ ওপৰতো মিচিং ভাষাৰ পৰীক্ষাৰ্থী সকল যাতে দখল থাকে তাৰ বাবে প্ৰশ্ন কাকতত অসমীয়া ভাষাৰ ওপৰতো এটা অংশ প্ৰশ্ন কাকতত অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁলোকে সাংবাদিকক জানিবলৈ দিয়ে ৷
উল্লেখনীয় যে ৬ মাহ জোৰা পাঠদানৰ অন্তত আজি মিচিং ভাষাৰ পৰীক্ষা অনুষ্ঠিত হৈ আৰু উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলৰ উৎসাহ উদ্দীপনাই মিচিং ভাষাক সন্মানজনক স্থানলৈ লৈ যোৱাৰ আশা কৰা হৈছে ৷ গোগামুখ বাংকে আগম কৗবাঙে জনোৱা মতে অসমৰ ১২ খন জিলাৰ দৰে ধেমাজি জিলাৰ ১৫ টাৰো অধিক পৰীক্ষা কেন্দ্ৰত মিচিং ভাষাৰ পৰীক্ষা অনুষ্ঠিত হয় ৷ ইযাৰে গোগামুখৰ গোগামুখ, মিংমাং, লটাক আদি তিনিটা পৰীক্ষা কেন্দ্ৰত সহস্ৰাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় ৷ উল্লেখনীয় যে মিচিং ভাষাৰ পৰীক্ষা পূৰ্বেও বহুবাৰ অনুষ্ঠিত হৈছিল যদিও মাথোঁ ৩-৪ হাজাৰ পৰীক্ষাৰ্থীয়েহে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ কিন্তু এইবাৰ ইতিহাস সৃষ্টি কৰি ১৮ হাজাৰ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাটো মিচিং আগম কৗবাঙৰ নেতৃত্ববৃন্দৰ সবল নেতৃত্বকে প্ৰতিপন্ন কৰা বুলি ভাষাপ্ৰেমী সকলে অভিহিত কৰিছে।

