Breaking

হেৰাই গ’ল নেকি নৱবৰ্ষৰ সুবাস সনা ৰং বিৰঙৰ ‘গ্ৰিটিংছ কাৰ্ড’…

0 25

আজি কিছু বছৰৰ আগলৈকে নতুন বছৰ মানেই নানা ৰঙী ‘গ্ৰিটিংছ কাৰ্ডে’ বজাৰ ভৰি থকা দেখিবলৈ পোৱা গৈছিল। এই ‘গ্ৰিটিংছ কাৰ্ড’সমূহেই আছিল আপোনজনক নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ একমাত্ৰ মাধ্যম | ম’বাইল ফোনৰ আগমনৰ আগলৈকে সমগ্ৰ দেশজুৰি ‘গ্ৰিটিংছ কাৰ্ড’ৰ এক ৰমৰমীয়া ব্যৱসায় চলিছিল | আমাৰ অসমো পিচপৰি ৰোৱা নাছিল । নগৰ-চহৰসমূহৰ বাদেই দিলো, আমাৰ গাওঁসমূহৰ দোকান-পোহাৰসমূহতো নানা ৰঙী ‘গ্ৰিটিংছ কাৰ্ডে’ৰে ভৰি পৰা আমি দেখিছিলো। প্ৰিয়জনৰ ‘গ্ৰিটিংছ কাৰ্ড’খনলৈ নতুন বছৰ অহাৰ সময়ত প্ৰত্যেকেই হেঁপাহেৰে বাট চাই ৰৈছিল ডাকোৱালজনলৈ। কাৰ্ডৰ মাজত লিপিবদ্ধ এষাৰী মন জুৰোৱা কথাই সকলোৰে মন প্ৰশান্তিৰে ভৰাই পেলাবলৈ সক্ষম হৈছিল।

সঁচা কথা কবলৈ হ’লে সেই দিনবোৰৰ মাদকতাই আছিল সুকীয়া। ম’বাইল ফোনৰ আগমন হোৱাৰ বৰ বেছি দিন হোৱা নাই। কিন্তু এই কম সময়ৰ ভিতৰতে এই মাধ্যমটোৱে আমাৰ সমাজ জীৱনক ইমান গ্ৰাহ কৰি পেলাইছে যে মানুহৰ জীৱন যেন আজি ম’বাইলৰ আঙুলিৰ টিপত আবদ্ধ।এখন ‘গ্ৰিটিংছ কাৰ্ড’ত সংপৃক্ত হৈ থকা মৰম আশিস সহানুভূতিৰ তুলনা ম’বাইলৰ মেছেজ এটাৰে তুলনা কৰিব পাৰি জানো ? তাতে প্ৰিয়জনৰ পৰা পাবলগীয়া কাৰ্ডখনলৈ আশাৰে ৰৈ থকাৰ যি অনাবিল আনন্দ সেয়া, ম’বাইলৰ মেছেজে দিব নোৱাৰে। প্ৰিয়জনৰ মৰমসনা ‘গ্ৰিটিংছ কাৰ্ড’খন বহু দিনলৈ মৰমেৰে সাঁচি থ’ব পাৰি। বহু দিনৰ পিচত সেই ‘গ্ৰিটিংছ কাৰ্ড’খন চায়েই নষ্টালজিক হ’ব পাৰি। ম’বাইলৰ মেছেজত সেই সুবিধা নাই | কিন্তু নতুন প্ৰজন্ম আজি বিজ্ঞানে আনি দিয়া এই অত্যাধুনিক মাধ্যমৰ দাসত পৰিণত হ’ল।

Leave A Reply