ওদালগুৰি থানাৰ অন্তৰ্গত পুৰণিথানা নিবাসী পুনিয়া চৌহানৰ পুত্ৰ গনেশ চৌহান(৩২) যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা নিশা ১১ বজাত নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।এই সন্দৰ্ভত পৰিয়ালৰলোকে ওদালগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই।পাঁচফুক ওখ,বগা বৰণৰ,চুলি দীঘল,ক্ষীণ চেহেৰাৰ পিন্ধনত হাফপেন্ট আৰু চাৰ্ট,কপালত কটা চিহ্নৰ দাগ থকা বিহাৰী সম্প্ৰদায়ৰ যুৱকজনৰ কোনো সন্ধান পালে নিকটীৱৰ্তী আৰক্ষী থানা অথবা ওদালগুৰি আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।যুৱকজনে অসমীয়া ভাষাও কব পাৰে।

