Breaking

মিছন বসুন্ধৰা ২.০ সফল ৰূপায়ণত শোণিতপুৰ জিলাৰ কৃতিত্ব

0 98

ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া আসোঁৱাহ তথা ৰাজহ বিভাগৰ যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰা মিছন বসুন্ধৰা আঁচনিৰ সফল ৰূপায়নৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত” মিছন বসুন্ধৰা ১.০” সফল পৰিসমাপ্তিৰ পিছত “মিছন বসুন্ধৰা ২.০ ৰো ৰাজ্যখনত সফলতাৰে ৰূপায়ণ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ এই আঁচনিৰ প্ৰয়োগত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা ৰাজ্যখনৰ ৫ খন জিলাৰ ভিতৰত স্থান লাভ কৰা শোণিতপুৰ জিলা প্ৰশাসনক শুকুৰবাৰে অসম চৰকাৰে পুৰস্কৃত কৰে।

উল্লেখ্য যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰেক্ষাগৃহত “মিছন বসুন্ধৰা – ৩.০” অৰ্থাৎ তৃতীয় পৰ্যায় আৰম্ভ কৰি ২.০ সমাপ্ত কৰা অনুষ্ঠানত শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ হাতত মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই মানপত্ৰ আৰু ট্ৰফীৰে ৰাজ্যখনৰ প্ৰথম পাঁচখন জিলাৰ তালিকাত স্থান লাভ কৰাত পুৰস্কৃত কৰে।

উল্লেখ্য যে এই অনুষ্ঠানতে জিলাখনৰ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে – ঠেলামৰা, ঢেকীয়াজুলি, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াকো বসুন্ধৰা আঁচনিৰ কামকাজৰ কৃতিত্বৰ বাবে চৰকাৰে পুৰস্কৃত কৰে। পুৰস্কাৰ গ্ৰহণৰ সময়ত ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাসো উপস্থিত থাকে।

Leave A Reply