মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি একান্ত দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱেৰে সময়ৰ কাম সময়তে নিষ্পত্তি কৰি প্ৰতিটো বিভাগকে দ্ৰুতগতিত কাম সম্পন্ন কৰিবলৈ দিয়া নিৰ্দেশনাৰ ভিত্তিত কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ে যানবাহন বিষয়ক কামকাজৰ ক্ষেত্ৰত ৰাইজৰ অধিক ওচৰ চাপি যোৱাৰ লক্ষ্যৰে কাইলৈৰ পৰা সমগ্ৰ মাৰ্চ মাহটো বিশেষ জনসেৱা মাহ (Public Service Month) হিচাপে পালন কৰিব। আনহাতে ইতিমধ্যে ঘোষণা কৰা অনুসৰি যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দি যানবাহনৰ নথি-পত্ৰ যেনে পথ কৰ, ফিটনেছ, পাৰ্মিট, ইঞ্চুৰেঞ্চ, প্ৰদূষণমুক্তৰ প্ৰমানপত্ৰ, চালকৰ অনুজ্ঞাপত্ৰ আদি নৱীকৰণ নকৰা বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাকে ধৰি সমগ্ৰ অসমতে “ অভিযান ছাৰখাৰ ৩ ” কাইলৈৰ কৰা আৰম্ভ হ’ব। অভিযানৰ সময়ত মহানগৰীৰ যিকোনো গুৰুত্বপূৰ্ণ পথত চূড়ান্ত কৰফাঁকিৰে চলা বাহন জব্দ কৰি পঞ্জীয়ন বাতিল কৰাৰ লগতে স্ক্ৰেপলৈ প্ৰেৰণ কৰিবলৈও জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত ভাগে ভাগে সষ্টম হৈছে বিশেষ অভিযানকাৰী দল।
উল্লেখ্য যে, সংস্পৰ্শবিহীন সেৱা “বাহন” আৰু “সাৰথি” পৰ্টেলযোগে যানবাহন বিষয়ক জনসাধাৰণৰ বিভিন্ন আৱেদন তথা ওজৰ আপত্তিৰ নিষ্পত্তি কৰি তাৎক্ষণিকভাৱে উন্নত সেৱা আগবঢ়োৱাৰ উদেশ্যে জনসেৱা মাহ আয়োজনৰ কথা অৱগত কৰে ৰাজ্যৰ উপ পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ জনসেৱা মাহত জনসাধাৰণৰ বিভিন্ন আবেদন যেনে বাহন চালনাৰ অনুজ্ঞাপত্ৰ,পঞ্জীয়ণ, বেংকৰ লোন আদায়ৰ নিষ্পত্তিকৰণ, কৰ পৰিশোধ, ফিটনেছ চাৰ্টিফিকেট আপডেট আদি বিভিন্ন বিষয়ৰ সমস্যাৰ তাৎক্ষণিক সমাধান, শুধৰণি তথা নিষ্পত্তিকৰণৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ তদুপৰি বৰ্তমান সময়ত পৰিবহণৰ পঞ্চাশটাৰো অধিক সেৱা ৰাইজক ঘৰতে বহি উপলব্ধ কৰাৰ পিছতো কোনো লোকে এইক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহো থিতাতে সমাধান কৰা হ’ব ৷ সৰ্বসাধাৰণ ৰাইজ আৰু পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ যোগাযোগ সহজ আৰু খৰটকীয়া কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা জনসেৱা মাহৰ সময়চোৱাত ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে এক বিশেষ সহায়তা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰযোগে ৰাইজে পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নহাকৈ ঘৰৰ পৰাই যোগাযোগ কৰি সমস্যাসমূহ সমাধান কৰিব পাৰিব। ইয়াৰ বাবে পৰিবহণ বিভাগে ৯১২৭২০৬৮০৩, ৮০১১৩৩৩০১৩, ৮৮২২৭৫৫৭৩৮,৮০১১৫৭৮৩৯৯ নম্বৰত ৰাতিপুৱা ৯.৩০বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । উল্লেখ্য যে, একে সময়তে যিহেতু কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে সমগ্ৰ অসমতে “অভিযান ছাৰখাৰ ৩” অব্যাহত থাকিব সেয়ে জনসেৱা মাহৰ সময়চোৱাত VAHAN আৰু SARATHI ৰ বিভিন্ন সেৱাসমূহ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলোৱা হ’ব ।
সেয়ে ৰাজ্যৰ উপ পৰিবহণ আয়ুক্ত গৰাকীয়ে ব্যক্তিগত-বাণিজ্যিক বাহনৰ লগতে যানবাহন ব্যৱহাৰকাৰী বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মানকাৰী সংস্থাসমূহক উদ্যেশি কয় যে, শীঘ্ৰে যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰকাটল পৰিশোধ কৰি নথিপত্ৰসমূহ নৱীকৰণ কৰক আৰু সকলো সময়তে সুৰক্ষিত যাতায়াত নিশ্চিত কৰি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলক ৷”

