Breaking

কীৰ্ত্তনপাৰা গাঁও পঞ্চায়তত মিছন বসুন্ধৰা ২.০ আৰু প্ৰধানমন্ত্ৰী কিষাণ নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ গাঁৱসভা অনুষ্ঠিত সম্পন্ন

0 107

অসম অসম দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন গাঁও পঞ্চায়তৰ লগতে বঙাইগাঁৱত জিলাৰ প্ৰতিটো গাঁও পঞ্চায়তত অনুষ্ঠিত হয় বিশেষ গাঁৱসভা। ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা পঞ্চায়ত গ্ৰামোন্নয়নৰ দ্বাৰা আয়োজিত গাঁওসভাত মিসন বসুন্ধৰা 2.0, জবকার্ড আৰু সামাজিক  সাহায্য, কম্পিউটাৰ শিক্ষাৰ লগতে কৃষি বিভাগৰ আঁচনি বিশেষকৈ প্ৰধানমন্ত্ৰী কিষাণ নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিশদভাৱে আলোচনা কৰা হয়। প্ৰকৃত হিতাধিকাৰীয়ে যাতে পিএম কিষাণ আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব দি সাধাৰণ ৰাইজক ইয়াৰ লগত জড়িত প্ৰতিটো কাৰি কৰী দিশ পুংখানুপুংখভাৱে অৱগত কৰে কৃষি বিভাগৰ বিষয়াসকলে। গাঁৱখনত ৰাইজৰ মনত থকা খুদুৱনিসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰে সংশ্লিষ্ট বিষয়াসকলে।

কৃষি খণ্ডৰ প্ৰত্যেকখন আঁচনি হিতাধিকাৰীসকলৰ মাজলৈ লৈ গৈ ইয়াৰ সুবিধাসমূহ প্ৰকৃত হিতাধিকাৰীক দিবলৈ কৃষি বিভাগে যৎপৰোনাস্তি চেষ্টা কৰিছে – এই কথা উল্লেখ কৰে অসম এগ্ৰিকালছাৰ মিছন বসুন্ধৰাৰ একাউন্ট জিতু খাটনিয়াই,লাট মণ্ডল ছাইদুল ইছলাম, সৃজনগ্ৰাম কৃষি বিষয়া মুতাফিজুৰ ৰহমান,পঞ্চায়ত সভানেত্ৰী পুৰ্ণিমা মণ্ডল, সচিব ছফিউৰ ৰহমান,পিএম কিষাণৰ লগতে বৰ্তমান সময়ৰ কৃষি বিভাগৰ অত্যন্ত গুরুত্বপূর্ণ প্রধানমন্ত্রী ফচল বীমা যোজনাৰ জৰিয়তে কৃষকসকলক প্রাকৃতিক দুর্যোগৰ পৰা অনিষ্ট হ’ব পৰা ফচলসমূহৰ বীমা কৰাবৰ বাবে অনুৰোধ জনাই ফিল্ট  কৃষি বিষয়া মুতাফিজুৰ ৰহমানে ৰাইজ আৰু বিভাগসমূহৰ মাজত আৰু সুন্দৰ সম্পৰ্ক গঢ়ি তুলিবৰ বাবে লগতে সুপৰামৰ্শ  আগবঢ়োই বিষয়া সকলোৱে।

Leave A Reply