ক্ষমতাৰ অপব্যৱহাৰ: একাংশ কৃষকক ৰামঠগন

প্ৰাক্তন বিজেপী বিধায়ক অশোক কুমাৰ সিংহীৰ ভাতৃৰ ঘৰত চৰকাৰী আঁচনিৰ কেইবাখনো পাৱাৰ টিলাৰ  । হতাশগ্ৰস্থ হৈ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশ্ন। হয় এই নাভূত-নাশ্ৰুত ঘটনা সংঘঠিত হৈছে ধুবুৰী জিলাৰ ২৭ নং বিলাসী পাৰা পূৱ সমষ্টিত। দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনসীল হোৱা অসম চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাইছে ধুবুৰী জিলা কৃষম মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ২৭ নং বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিজেপী বিধায়ক অশোক কুমাৰ সিংহীৰ নিজ ভাতৃৰ ঘৰত পৰিতপ্ত অৱস্থাত পৰি আছে কৃষকৰ পাৱাৰ টিলাৰ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উক্ত ঘটনাটোক তিব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে কৃষকৰ নামত অহা পাৱাৰ টিলাৰ বিলাক  অশোক কুমাৰ সিংহীৰ নিজ ভাতৃয়ে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই ।  যি সময়ত এখন পাৱাৰ টিলাৰৰ বাবে কৃষকে হাবাথুৰি খাব লগা হৈছে তেনে সময়তে প্ৰাক্তন বিজেপী বিধায়কৰ ভাতৃয়ে কেইবাখনো পাৱাৰ টিলাৰ ঘৰত জমা কৰি ৰখা ঘটনাই সকলোৰে চকু কপালত তুলিছে। ইয়াৰ উপৰিও BGREI আঁচনিৰ পাৱাৰ টিলাৰ বুলিও সন্দেহ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ   ঘটনা সন্দৰ্ভত সংগঠনটোৱে বিলাসীপাৰা মহকুমাধিপতিক ফোন যোগে অবগত কৰে বুলি জানিব দিয়া। সংগঠনটোৱে অসম চৰকাৰ তথা বিভাগীয় কতৃপক্ষক দাবী জনায় যে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰে যেন। যদি সংগঠনটোৰ অভিযোগ সঁচা হয় তেন্তে কাৰ চত্ৰছায়াত এনে দূৰ্নিতি কৰাৰ সাহস পাইছে? নে কোনো বিষয়াক মেনেজ কৰি চলাই গৈছে এই লুণ্ঠন ৰাজ এয়া হৈ পৰিছে এতিয়া লক্ষনীয় ঘটনা সন্দৰ্ভত চৰকাৰ তথা বিভাগীয় কতৃপক্ষই কি পদক্ষেপ হাতত লয় পৰবৰ্তী সময়ত সেয়া হব লক্ষনীয়

Related Articles