মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী ‘বিশ্বাসযোগ্য’ ৰাজনৈতিক নেতা৷ আনহাতে, বাংলাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বঙালী হিন্দু সম্প্ৰদায়ৰ বাবে ভাবুকি৷ বলীউডৰ ছুপাৰষ্টাৰ অভিনেতা,(Mithun Chakraborty) দাদাচাহেব ফাল্কে বঁটা বিজয়ী তথা অভিনেতাৰ পৰা-ৰাজনীতিবিদ হোৱা মিঠুন চক্ৰৱৰ্তীয়ে এনে মন্তব্য কৰিছে৷ শিলচৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ মিঠুন চক্ৰৱৰ্তীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী ৰাজনৈতিক নেতা৷ হিমন্ত বিশ্ব শৰ্মাৰ মেৰুদণ্ড অতি শক্তিশালী৷(Himanta Biswa Sarma) তেওঁ এজন মহান মুখ্যমন্ত্ৰী৷ তেওঁৰ ওপৰত ৰাইজৰ যথেষ্ট আস্থা আছে৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰাক সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে শিলচৰত উপস্থিত হয় ছুপাৰষ্টাৰ মিঠুন চক্ৰৱৰ্তীয়ে৷ আজি পুৱা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ছুপাৰষ্টাৰ অভিনেতা মিঠুন চক্ৰৱৰ্তীক এভিবিপিৰ কৰ্মকৰ্তাই উষ্ম আদৰণি জনায়৷ বিয়লি অম্বিকাপট্টীৰ ষ্টাৰ হোটেল বৰাক হোমত সাংবাদিকক সম্বোধন কৰি মিঠুনে কয় যে, অসমৰ সংস্কৃতি চহকী আৰু বৈচিত্ৰ্যময়৷ কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষ সংস্কৃতি চহকী আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবেও পৰিচিত৷ আৰু বঙালী সংস্কৃতিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিজৰ পৰম্পৰা অব্যাহত ৰাখিছে৷ তেওঁ লগতে কয় যে, তেওঁ আগতেও শিলচৰলৈ আহিছিল৷ অৱশ্যে তেতিয়া তেওঁ খুব কম সময়ৰ বাবে আহিছিল৷ এইবাৰ বেছি সময়ৰ বাবে আহিছে৷ আজিৰ যুৱক-যুৱতীসকলক সম্বোধন কৰি তেওঁ কয় যে, আমি বাস্তৱৰ পৰা শিকিব লাগিব৷ আৰু সেই শিক্ষা আহৰণ কৰি আমি আগবাঢ়ি যাব লাগিব৷ মিঠুন চক্ৰৱৰ্তীয়ে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত বাংলাত সংঘটিত হোৱা ঘটনাক গৰিহণা দিয়ে৷ বাংলাত ৱাকফৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে মিঠুন চক্ৰৱৰ্তীয়ে মমতাক দোষাৰোপ কৰে৷ তেওঁ কয়, মমতা ৰাজ্যখনৰ হিন্দুসকলৰ বাবে ভাবুকিস্বৰূপ৷ তেওঁ তৃণমূল নেত্ৰীক হিন্দুৰ বিৰুদ্ধে সাম্প্ৰদায়িক উত্তেজনা উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে৷ তেওঁ বাংলাৰ সম্প্ৰদায়ৰ মাজত অশান্তিৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৱাকফ আইনৰ স্থিতিৰে মুছলমানক বিপথে পৰিচালিত কৰাৰ কথাও উল্লেখ কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, তেওঁ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সদস্য আছিল৷ বৰ্তমান বিজেপিত৷ তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ একমাত্ৰ কাৰণ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত সামাজিক আৰু নীতিগত পৰিৱৰ্তন ঘটিছে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্ধতা তেওঁ ভাল নাপায়৷ সেয়ে তেওঁ তৃণমূল কংগ্ৰেছ এৰি গেৰুৱা দলত যোগদান কৰিছে৷ তেওঁ কয় যে, বৰ্তমান তেওঁৰ তিনিখন ছবিৰ শ্বুটিং চলি আছে৷ শিলচৰত এখন সংবাদ মেলত তেওঁ উপভোগ কৰা দুপৰীয়াৰ আহাৰক তেওঁ প্ৰশংসা কৰে৷