Breaking

আশা কৰ্মীৰ দৰমহা ৩,০০০ ৰ পৰিৱৰ্তে ১০,০০০ কৰাৰ দাবী বিধায়ক অখিল গগৈৰ

0 39

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চম দিন। অধিৱেশনৰ পঞ্চম দিনা বিধানসভাত বিধায়ক অখিল গগৈৰ বিশেষ দাবী।

আশা কৰ্মীৰ দৰমহা ৩০০০ ৰ পৰিৱৰ্তে ১০০০০ কৰাৰ দাবী বিধায়ক অখিল গগৈৰ। লগতে বিধায়ক গগৈয়ে আশাকৰ্মীৰ সা- সুবিধা বৃদ্ধিৰ দাবী জনায়।

বিধায়ক অখিল গগৈয়ে কয়, “আশা কৰ্মীসকলৰ ইমান কষ্ট, কিন্তু তাৰ বিপৰীতে যিটো পইচা পাই- ৰাজ্য চৰকাৰে দিয়া ১০০ টকা আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া ২০০০ টকা তেনেই নগণ্য। ৩০০০হাজাৰ টকাৰে পৃথিৱীৰ কোনো মানুহ চলিব নোৱাৰে। মাহেকত কোনো কোনোৱে হাজাৰ-পোন্ধৰশ টকাটোও নাপাই….”।

Leave A Reply