Breaking

লাহৰীঘাটৰ টেঙাগুৰি কছাৰীগাঁৱত AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ পুঁজিৰে ব্ৰহ্মপুত্ৰৰ বুকুত নদী বান্ধৰ কাম শুভাৰম্ভ বিধায়ক আমিনুল ইছলামৰ

0 68

স্বাধীনতাৰ পিছৰে পৰাই লাহৰীঘাট সমষ্টিৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া৷ খহনীয়াত ইতিমধ্যে জাহ গৈছে অৰ্ধ শতাধিক ৰাজহ গাঁও৷

খহনীয়াত সৰ্বস্বান্ত হৈছে হেজাৰ, হেজাৰ পৰিয়াল; কিন্তু আজিলৈকে কোনো এখনৰ চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰিলে অঞ্চলটোৰ খহনীয়া সমস্যাৰ সমাধানৰ বাবে।

প্ৰতি বছৰেই জিলা জলসম্পদ বিভাগে খহনীয়া ৰোধৰ নামত অপচয় কৰাৰ অভিযোগ কোটি কোটি চৰকাৰী ধনৰ। চৰকাৰ-জলসম্পদ বিভাগৰ ওপৰত ভৰসা হেৰুৱাই AIUDF প্ৰধান সাংসদ মৌলানা বদৰুদ্দিন আজমলে আগবঢ়োৱা ৫ লাখ টকাৰ পুঁজি আৰু স্থানীয় ৰাইজৰ দান-বৰঙণিৰে ব্ৰহ্মপুত্ৰৰ বুকুত বস্তাৰ বান্ধ দি খহনীয়া ৰোধৰ বাবে প্ৰচেষ্টা চলাইছে অঞ্চলটোৰ বান-খহনীয়াগ্ৰস্থ লোকে।

আজি লাহৰীঘাটৰ টেঙাগুৰি কছাৰীগাঁৱত বান্ধ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। সংগ দিয়ে জিলা AIUDF সমিতিৰ সভাপতি ছিদ্দিক আহমেদ, ব্লক সমিতিৰ সভাপতি হাফিজ আব্দুল ৰেজাক, সম্পাদক হিফজুৰ ৰহমান, কুশতলি জিলা পৰিষদৰ প্ৰাক্তন সদস্য আজিজুৰ ৰহমান বিল্লাৰ লগতে স্থানীয় বহু ৰাইজ উপস্থিত থাকে।

Leave A Reply