সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱত আজি বানপানী আৰু বিভিন্ন সমস্যাৰ বুজ লবলৈ ওদালগুৰি জিলাৰ ৪নং ৰজাগড়ত স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত হয়। কিছুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৪নং ৰজাগড়ৰ উত্তমবস্তী গাঁৱখন পানীৰে প্লাৱিত হৈ আছিল। বাতৰি প্ৰকাশৰ পিছত ৰাইজৰ খা-খবৰ তথা মন বতৰাৰ বুজ ল’বলৈ আহিল স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।স্থানীয় ৰাইজৰ সৈতে প্ৰায় তিনি ঘণ্টা সময় ধৰি মত বিনিময় কৰে।
ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ শুনাৰ ওপৰিও সমিধানৰ প্ৰতিশ্ৰুতি দিয়ে।
ওদালগুৰি পৰা অৰুপজ্যোতি ডেকাৰ প্ৰতিবেদন

