Breaking

চেঙাৰ কাৰাইখাইতিত দলীয় সম্বৰ্ধনা সভাত বিধায়ক আশ্ৰাফুল হুছেইন

0 36

দক্ষিণ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাৰাইখাইতিত এ ইউ ডি এফ দলৰ খোলাবান্ধা আঞ্চলিক সমিতিৰ উদ্যোগত এখন দলীয় সম্ভধৰ্না সভাৰ আয়োজন কৰে। সমষ্টিটোৰ দক্ষিণ পাৰৰ চৰাঞ্চলৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্নজনে চেঙাৰ নৱ নিৰ্বাচিত বিধায়ক আশ্ৰাফুল হুছাইনক সম্বৰ্ধনা জনায়। উক্ত দলীয় সম্বৰ্ধনা সভাত উপস্থিত হৈ বিধায়কজনে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। ৰাজ্যৰ বিজেপি চৰকাৰে চৰাঞ্চলৰ মানুহৰ উন্নয়ন নিবিচাৰে, চৰকাৰৰ গাফিলতিৰ কাৰণেই চৰাঞ্চলৰ মানুহে মাটিৰ পট্টা পোৱা নাই। চৰাঞ্চলত গৰাখহনীয়াৰ কবলত পৰি ভূমিহীন হোৱা লোক সকলক সন্দেহৰ চকুৰে চাই, গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হোৱা লোকসকলক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে বিজেপি চৰকাৰে। কিছু দিন পূৰ্বে চেঙা আৰু বাঘবৰৰ চৰাঞ্চলৰ ভূমিক লৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা জনগোষ্ঠীক তুচ্ছ-তাচ্ছিল্য আৰু উচ্ছেদৰ ভাবুকি দিছিল তাৰ প্ৰত্যুত্তৰত চেঙাৰ যুৱ বিধায়ক গৰাকীয়ে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে মূখ্যমন্ত্ৰীয়ে কৈই  দিয়ক মিঞা জনগোষ্ঠীৰ লোক সকল দেশৰ নাগৰিক নহয় বুলি, দেশৰ গণতন্ত্ৰই নাগৰিক সকলক যি অধিকাৰ দিছে সেই অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ মূখ্যমন্ত্ৰীৰ কোনো অধিকাৰ নাই গতিকে চৰাঞ্চলৰ মানুহক উচ্ছেদ কৰাৰ প্ৰসংগ আহিবই নোৱাৰে। কাৰণ চৰকাৰৰ গাফিলতিৰ কাৰণেই চৰাঞ্চলৰ মানুহে মাটিৰ পট্টা পোৱা নাই। মাটিৰ পট্টাৰ ব্যৱস্থা কৰি মূখ্যমন্ত্ৰী নিজৰ সহিত্য প্ৰকাশ কৰক আৰু জনগণৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰক, অসমৰ জনগণে তেখেতৰ কাৰণে আশীৰ্বাদ কৰিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে। ইয়াৰ উপৰিওঁ বিধায়ক গৰাকীয়ে মূখ্যমন্ত্ৰীলৈ আহ্বান জনায় কয় যে সমগ্ৰ অসমত জৰিপ কৰি চৰাঞ্চলৰ মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক। দক্ষিণ বৰপেটা জিলাৰ চৰাঞ্চলৰ বিভিন্ন সমস্যাৰ লগতে মূল সমস্যা হৈছে শিক্ষা আৰু গৰাখহনীয়া। মূখ্যমন্ত্ৰীয়ে চৰাঞ্চলৰ উন্নয়নৰ কথা পাহৰি কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে বুলি কটাক্ষ কৰে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে।

Leave A Reply