MLA Darsing Ronghang । খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ খেতিয়কৰ কাষত উপস্থিত বিধায়ক দৰছিং ৰংহাং

২২ জানুৱাৰী, ২০২৫ ঃ MLA Darsing Ronghang । বিধানসভাৰ মজিয়াত নহয়, খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ ত্ৰাণকৰ্তা ৰূপত খেতিয়কসকলৰ নিচেই কাষত উপস্থিত হৈ নিজৰ পকেটৰ ধনেৰে হাওৰাঘাট অঞ্চলৰ খেতিপথাৰত পানী যোগানৰ বাবে নিজ মুখেৰে কৃষক ৰাইজ আৰু সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়াত আনন্দত উৎফুল্লিত হৈ উঠিছে গৰখীয়া পুখুৰী গাওঁ, দক্ষিণ দীঘলীপাৰ গাওঁ আৰু কেইবাখনো গাঁৱৰ কৃষক ৰাইজে । হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ ওচৰত গৈ প্ৰথমে গৰখীয়া পুখুৰী গাওঁ আৰু দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে কৃষকসকলৰ খেতিৰ বাবে পানী যোগানৰ বাবে নলা মেৰামতিৰ বাবে আবেদন জনোৱা হৈছিল ।

কৃষকসকলৰ এই আবেদনৰ প্ৰতি গুৰুত্ব আৰু সন্মান জনাই বিধায়ক দৰছিং ৰংহাঙে ডিফুৰ পৰা আহি পোনে পোনে দক্ষিণ দীঘলীপাৰ গাওঁ আৰু গৰখীয়া পুখুৰী গাঁৱৰ কৃষক ৰাইজে দীঘল পানী নদীত থকা শ্লুইছ গেটত গোট খাই থকা কৃষকৰ ওচৰত উপস্থিত হৈ বিধায়ক ৰংহাঙে অহা ফ্ৰেব্ৰুৱাৰী মাহত নিজৰ পকেটৰ ধনেৰে নলা মেৰামতিৰ আশ্বাস দিয়াৰ লগতে আগন্তুক হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেটত জলসিঞ্চন বিভাগত কৃষকসকলৰ বাবে পানীৰ সুবিধাৰ্থে Action Plan ত আঁচনি ধৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । হাওৰাঘাটৰ বিধায়কৰ এই প্ৰতিশ্ৰুতি লাভ কৰি কৃষকসকলৰ মুখত হাঁহি বিৰিঙি উঠিছে আৰু আনন্দত উৎফুল্লিত হৈ পৰিছে ।

Related Articles