বিহালী বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন কেৱিনট মন্ত্ৰী ৰঞ্জিত দত্ত সদ্যঘোষিত জনতা ষ্টেডিয়াম নিৰ্মাণৰ বাবে শনিবাৰে প্ৰথম লানি কামৰ ক্ষেত্ৰভ্ৰমণ কৰে সহকাৰী অভিযন্তা যাদৱ চন্দ্ৰ নাথ ,কনিষ্ঠ অভিযন্তা উত্তম কুমাৰ নাথ,শোণিতপুৰ জিলা ক্ৰিয়া বিষয়া খনিন্দ্ৰ মূদৈ আৰু শাৰীৰিক নিৰ্দেশক ৰঞ্জিত গগৈ লগতে স্থাপত্যবিদ পাৰ্থসাৰথি গোঁহাইকে ধৰি এটি দল।উক্ত দলটো সৈতে উপস্থিত থাকে বিধায়ক ৰঞ্জিত দত্ত । উক্ত স্থানত প্ৰথম পৰ্যায়ৰ ১২ কোটি টকাৰ আবন্টন দিয়া হ’ব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই। ষ্টেডিয়াম খন নিৰ্মাণ সম্পূৰ্ণ হলে অঞ্চল বহু ছাত্র ছাত্ৰী ক্ৰিয়া জৰিয়তে উপকৃত হ’ব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।ইফালে ক্ষেত্ৰত পৰিদৰ্শন সময়ত বিধায়ক ৰঞ্জিত দত্তই স্থানীয় বিশিষ্ট ব্যক্তি তথা প্ৰাক্তন জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ দ্বীপেন বৰা, বৰালি মৰা গাওঁ পঞ্চায়ত সভাপতি লাচিত বৰা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী জিলা পৰিষদ সদস্য দিপালী ঢাকাল দেৱী, বিশিষ্ট ব্যক্তি শুকদেৱ বৰুৱা, শিক্ষক তথা সমাজ সেৱক সঞ্জীৱ দাস, সচেতন যুৱক ৰঞ্জন বনীয়া, ভাৰতীয় জনতা পাৰ্টি জিলা অনুসূচীত জাতি সম্পাদক অৰুপ দাসকে ধৰি অঞ্চল বহু কেইজন ব্যক্তি উপস্থিত থাকে।ইফালে ৰাংছালী আৰ্দশ গাৱঁৰ মুল আদৰণি যি তোৰণ নিৰ্মাণ হৈ আছে সেই তোৰণ খন নিৰ্মাণ কাৰ্য বুজ লয় বিধায়ক ৰঞ্জিত দত্তই।
