নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিলে বিধায়ক ৰূপক শৰ্মাই

 বিনা চিকিৎসাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় স্থিত ক’ভিদ হস্পিতালত ৰোগীয়ে মৃত্যুক সাৱতি ল’ব লগা হোৱা ঘটনাৰ বিষয়ে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে  বুুুধবাৰেনগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক ৰূপক শৰ্মাই। বিধায়ক গৰাকীয়ে ক’ভিদ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত কোনোধৰণৰ অৱহেলা নকৰিবলৈ চিকিৎসক-নাৰ্ছ সকলক সকীয়াই দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া সকল আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত ক’ভিদ হস্পিতালৰ বাবে তিনিগৰাকী চিকিৎসক আৰু ৬গৰাকী নাৰ্ছক দায়িত্ব দিয়া হয়। আনহাতে মৃত্যু হোৱা ক’ভিদ ৰোগীৰ নশ্বৰ দেহ নিয়াৰ ক্ষেত্ৰত পৰিয়ালে সন্মুখীন হোৱা সমস্যা দূৰীকৰণৰ বাবে বিধায়ক গৰাকীয়ে পৌৰ সভাৰ জৰিয়তে এখন বাহনৰো ব্যৱস্থা কৰি দিয়ে। বিধায়ক গৰাকীয়ে অভিভাৱকসকলৰ সুবিধাৰ বাবে এটি মোবাইল ফোনৰো ব্যৱস্থা কৰি দিয়ে  যাতে ক’ভিদ হস্পিতালত ভৰ্তি হৈ থকা ৰোগীৰ স্বাস্থ্যৰ ব্যৱস্থাৰ বিষয়ে অভিভাৱক সকলে জানিব পাৰে। আনহাতে, প্ৰতিদিনেই চিকিৎসালয় খন তিনিবাৰকৈ চাফা কৰাৰ বাবেও আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰিও, ক’ভিদ ৰোগীয়ে পৰ্য্যাপ্ত পৰিমাণে খাদ্য লাভ কৰাৰ ক্ষেত্ৰটো যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেই বিষয়েও ব্যৱস্থা গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে নগাঁৱৰ ক’ভিদ হস্পিতালত সৃষ্টি হোৱা বিশৃংখলতাৰ বিৰুদ্ধে মঙলবাৰে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল।

Related Articles