নগাঁও সদৰ সমষ্টিত কেইবাটাও উন্নয়ন মূলক কামৰ শুভ উদ্ধোধন কৰিলে বিধায়ক ৰূপক শৰ্মাই

নগাঁও, ১ ডিচেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী গাঁও পঞ্চায়তত  আজি দুটাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ শুভাৰম্ভ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি (SOPD)ৰ অধীনত ননৈ দক্ষিণপাট পথৰ পৰা বুঢ়াগোঁহাই থানলৈ যোৱা পথটোৰ আজি শুভাৰম্ভ কৰা হয়। লগতে অসম দৰ্শন আঁচনিৰ অধীনত বুঢ়াগোঁহাই থান সংলগ্ন পথ আৰু এটি  জিৰণী চ’ৰাৰো আজি শুভ উদ্ধোধন কৰা হয়।ইয়াৰোপৰি  বিধায়ক এলেকা উন্নয়ন পূঁজিৰ দ্বাৰা নিৰ্মিত নামতি গছতল বুঢ়াগোঁহাই থানৰ মুকলি মঞ্চ ভাগৰো  আজি শুভ উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই।আজি উন্নয়ন মূলক আঁচনি সমূহৰ শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই কয় যে আমাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে।বিশেষকৈ বাট- পথ আৰু যাতায়ত ব্যৱস্থা উন্নয়নত  বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব প্ৰদান কৰিছে।লগতে তেওঁ কয় আজি শুভাৰম্ভ কৰা আঁচনি সমূহৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হব ।অনুষ্ঠান সমূহত তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি,আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰমুখ্যে পঞ্চায়তৰ কৰ্মকতা আৰু স্হানীয় ৰাইজ উপস্থিত থাকে।

Related Articles