নগাঁও, ৭ অক্টোবৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী অঞ্চলত আজি তিনিটাকৈ উন্নয়ন মূলক আচঁনিৰ কামৰ শুভ উদ্ধোধন কৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই । বিধায়ক শৰ্মাই আজি পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত অতিৰিক্ত কোঠা আৰু সমূহীয়া ভৱনৰ লগতে কাছমাৰী মজলীয়া বিদ্যালয়ৰ চাৰিসীমা বেৰৰ উদ্ধোধন কৰে। ইয়াৰ উপৰি বিধায়ক গৰাকীয়ে কাছমাৰী ক্ষুদ্র স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চৰ বাবে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা তিনিটা আৱাসগৃহও মুকলি কৰি দিয়ে । আজি মুকলি কৰা এই আৱাসগৃহ তিনিটাই ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত নাৰ্চসকলৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ কৰে বুলি বিধায়ক গৰাকীয়ে মত প্ৰকাশ কৰে । আনহাতে আজি উদ্ধোধন কৰা উন্নয়নমূলক আচঁনি সমূহৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ উপকৃত হব বুলি বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে । উদ্ধোধনী অনুষ্ঠানত কাছমাৰী জিলা পৰিষদৰ সদস্য কাঞ্চন বৰদলৈৰ লগতে ভালে কেইগৰাকী পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত থাকে ।

