মুক্তিযুদ্ধা সত্যলতা গগৈৰ গৃহত উপস্থিত হৈ বিধায়ক ৰূপেশ গোৱালাৰ জাতীয় পতাকা প্ৰদান…

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচী লগত সংগতি ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে ‘হৰ ঘৰ তিৰংগা” কাৰ্যসূচীৰ অংশ হিচাপে আজি ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত হয় তিনিচুকীয়া জিলাৰ একমাত্ৰ মুক্তিযুদ্ধা সত্যলতা গগৈৰ গৃহত উপস্থিত হৈ জাতীয় পতাকা প্রদান কৰে।

বিধায়ক গৰাকীয়ে মুক্তিযুদ্ধা গৃহলৈ গৈ জাতীয় পতাকা প্রদান কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

জাতীয় পতাকা প্রদান কৰা সময়ত বিধায়কক লগ দিয়ে গাভৰুভেটি গাঁও পঞ্চায়তৰ সভাপতি কিৰণ চাৰিঙ্গীয়া ফুকন,বিজেপি কাকপথাৰ মণ্ডল সভাপতি অৰূপ মৰাণ,ন-বিজেপি মাঙ্গিৰাম আগৰৱালা,বিজেপি দলৰ কৰ্মকৰ্তা বিজুৱেল গগৈ আৰু প্ৰদীপ উপাধ্যায়ে।

উক্ত সময়তেই বিধায়ক গোৱালাই মুক্তিযুদ্ধা সত্যলতা গগৈৰ বাসগৃহলৈ যোৱা ২ কিলোমিটাৰ জৰাজীৰ্ণ পথ অতি সোনকালে নিৰ্মাণ কৰাৰ লগতে মুক্তিযুদ্ধা সত্যলতা গগৈয়ে যোৱা স্থানীয় নামঘৰটোৰ উন্নয়নৰ‌ বাবে ৫ লাখ টকা অনুদান দিয়া হব বুলি ঘোষণা কৰে

Related Articles